/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-22-06-51.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ অসমৰ ৰাজনীতিত কাজিৰঙাৰ উচ্ছেদ প্ৰসংগই পুনৰ তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। নিজকে কংগ্ৰেছৰ মিত্ৰ বুলি দাবী কৰা বিধায়ক অখিল গগৈয়ে এসময়ত কাজিৰঙাৰ উচ্ছেদ ৰোধৰ বাবে চলোৱা আন্দোলনৰ স্মৃতি ৰাইজৰ মনত সজীৱ হৈ থকাৰ মাজতেই এতিয়া এই সমগ্ৰ প্ৰক্ৰিয়াত কংগ্ৰেছৰ ভূমিকাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।
সমালোচক তথা ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, কাজিৰঙাৰ সংৰক্ষিত অঞ্চল আৰু বনভূমিত সন্দেহজনক লোকসকলক সংস্থাপন দিছিল তদানীন্তন কংগ্ৰেছ চৰকাৰেই। অভিযোগ উঠিছে যে, কংগ্ৰেছে কেৱল সাধাৰণ লোকক দেখুৱাবলৈহে উচ্ছেদৰ নাটক কৰিছিল, যিটো পৰৱৰ্তী সময়ত নিজৰ 'ভোট বেংক' সুৰক্ষিত কৰাৰ স্বাৰ্থত বন্ধ কৰি দিয়া হৈছিল।
কংগ্ৰেছৰ বিৰুদ্ধে আন এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যে শাসনকালত দলটোৱে এন আৰ চি ত সন্দেহজনক লোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰলৈ চিঠি লিখিছিল। আনকি ম্যানমাৰৰ ৰহিঙ্গীয়া সকলক ইয়াত সংস্থাপন কৰাৰ প্ৰস্তাৱো কংগ্ৰেছেই দিছিল বুলি সমালোচকসকলে অভিযোগ কৰিছে। এই সমগ্ৰ বিষয়টোৱে এতিয়া দলটোক চৰম ৰাজনৈতিক অস্বস্তিত পেলাইছে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, কৰ্ণাটকৰ দৰে ৰাজ্যত মানৱীয়তাৰ কথা কোৱা কংগ্ৰেছ দলে অসমত কেৱল ভোট বেংকৰ ৰাজনীতিহে চলাই আহিছে। দলটোৰ এই দ্বৈত চৰিত্ৰ এতিয়া অসমৰ ৰাইজৰ আগত স্পষ্ট হৈ পৰা বুলিও চৰ্চা চলিছে। কাজিৰঙাৰ উচ্ছেদ প্ৰসংগই এতিয়া ৰাজ্যিক ৰাজনীতিত কংগ্ৰেছৰ অস্বচ্ছ স্থিতি পুনৰবাৰ উদঙাই দিছে।
দৰাচলতে বিজেপি শাসিত অসমত চলি থকা উচ্ছেদক লৈ সমালোচনা চলি থকাৰ মাজতে নিজ দলৰ চৰকাৰ থকা কৰ্ণাটকত উচ্ছেদক লৈ এআইচিচিৰ এনেধৰণৰ স্থিতিয়ে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখযোগ্য যে, বেংগালুৰুৰ কোগিলু গাঁৱত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানক লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত এআইচিচিৰ তৰফৰ পৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।
এআইচিচিয়ে কৰ্ণাটক চৰকাৰক স্পষ্টকৈ জনাই দিয়ে যে এনেধৰণৰ উচ্ছেদ অভিযান চলোৱাৰ সময়ত অধিক সতৰ্কতা, সংবেদনশীলতা আৰু মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰাটো প্ৰয়োজন। যিকোনো কাৰ্যপন্থা গ্ৰহণ কৰোতে ইয়াৰ ফলত সাধাৰণ মানুহৰ ওপৰত পৰিব পৰা প্ৰভাৱক কেন্দ্ৰীয় গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us