"অসমৰ স্বাভিমানক মিঞাৰ ওচৰত বন্ধকত থ'বলৈ নির্বাচনী যুঁজত নামিছে কংগ্ৰেছ"

চৰকাৰী ভূমি আৰু বনাঞ্চলৰ পৰা উচ্ছেদিত বেদখলকাৰীক পূৰ্বৰ স্থানতেই সংস্থাপিত কৰা হ'ব বুলি ঘোষণা কৰি কংগ্ৰেছ দলে ইতিমধ্যে মিয়াসত্বাৰ ওচৰত আত্মসমর্পন কৰিছে”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

author-image
Asomiya Pratidin
New Update
GEFTESDFSD

ডিজিটেল সংবাদ, গুৱাহাটীঃ "অসমৰ স্বাভিমান আৰু গৰিমাক মিঞাৰ ওচৰত বন্ধকত থ'বলৈ নির্বাচনী যুঁজত নামিছে কংগ্ৰেছ দল। দলটোৰ নেতাসকলে তেওঁলোকৰ ভাষণ আৰু সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যই এই কথাকেই প্রমাণিত কৰে। চৰকাৰী ভূমি আৰু বনাঞ্চলৰ পৰা উচ্ছেদিত বেদখলকাৰীক পূৰ্বৰ স্থানতেই সংস্থাপিত কৰা হ'ব বুলি ঘোষণা কৰি কংগ্ৰেছ দলে ইতিমধ্যে মিয়াসত্বাৰ ওচৰত আত্মসমর্পন কৰিছে”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত মুখপাত্র প্রাঞ্জল কলিতা আৰু মিডিয়া পেনেলিস্ট প্রিয়ংকা তামুলীৰ উপস্থিতিত সংবাদ মাধ্যমক প্রদান কৰা এক বক্তব্যত ৰঞ্জীৱ কুমাৰ শৰ্মাই লগতে অভিযোগ উত্থাপন কৰি কয় যে, যিকোনো প্ৰকাৰে অসমৰ সমাজ জীৱনত মিঞাৰ আধিপত্য স্থাপন কৰাৰ বাবে কংগ্ৰেছ দলে গৌৰৱ গগৈৰ নেতৃত্বত সর্বশক্তি প্রয়োগ কৰা দেখা গৈছে। নতুন বৰ অসমৰ কথা কৈ কংগ্ৰেছ দলে মিঞাৰ প্রভুত্ব ইতিমধ্যে স্বীকাৰ কৰিছে বুলি তেওঁ মত পোষণ কৰে। অৱশ্যে ভাৰতীয় জনতা পার্টিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা ৫ বছৰৰ ভিতৰত ৫ লাখ বিঘা ভূমি বেদখলকাৰী মিঞাৰ কবলৰ পৰা মুক্ত কৰাবৰ বাবে সংকল্প গ্রহণ কৰিছে। ইতিমধ্যে ১.৫ লাখ বিঘা ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে দেশত এক নজিৰ স্থাপন কৰিছে বুলিও শর্মাই সদৰী কৰে। 

মুখপাত্ৰ গৰাকীয়ে লগতে উল্লেখ কৰে যে, কংগ্ৰেছ দলে দেশ আৰু জাতিতকৈ ৰাজনীতিৰ বাবে মিঞাৰ প্ৰভূত্বক অধিক প্রাধন্য দিবলৈ আৰম্ভ কৰিছে। সেয়েহে কংগ্রেছ দলে তেওঁলোকৰ সমগ্ৰ প্ৰচাৰ অভিযান দেশ আৰু জাতিৰ স্বভিমান আৰু গৰিমাক আওকান কৰি আৰম্ভ কৰিছে বুলি তেওঁ বর্ণনা কৰে।

ৰঞ্জীৱ কুমাৰ শৰ্মাই লগতে সদৰী কৰে য়ে, কংগ্ৰেছৰ শাসনকালত মিঞাই দখল কৰা সত্ৰ, বনাঞ্চল আৰু থলুৱা খিলঞ্জীয়াৰ ভূমিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ চলাই বেদখলমুক্ত কৰাৰ লগতে থলুৱা মানুহৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা হাতত লৈছে। কংগ্রেছ দলে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ বিৰোধীতা কৰাৰ লগতে উচ্ছেদিত সকলক পুনৰ পূৰ্বৰ ভূমিত সংস্থাপিত কৰাৰ প্রতিশ্রুতি দিছে। ঠিক একেদৰে নিৰ্বাচনী প্রচাৰৰ বাবে তেওঁলোকে মুকলি কৰা গীততো উচ্ছেদৰ বিৰোধীতা কৰি গীত পৰিৱেশন কৰা হৈছে। কংগ্ৰেছ দলে প্রকাশ কৰা বিভিন্ন ধৰণৰ প্ৰচাৰ পত্ৰ, সাহিত্য আদিত মিঞএক আশ্বস্ত কৰি প্রতিশ্রুতি প্রদান কৰা হৈছে। এই কথাবোৰে কংগ্ৰেছ দলে মিঞাসত্বাৰ ওচৰত ৰাজনৈতিকভাবে আত্মসমর্পন কৰাকে প্রমাণিত কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাই কয়।

 কংগ্ৰেছৰ এনে আচৰণ আৰু কথা-বতৰা অসম আৰু অসমীয়াৰ বাবে এক বৃহৎ ৰাজনৈতিক প্রত্যাহ্বান। কংগ্রেছ দলে থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ মৰ্মবেদনাক উলাই কৰি উচ্ছেদৰ বিৰোধীতা কৰিছে। ৰাজ্যিক বিজেপিৰ মুখপাত্র গৰাকীয়ে লগতে কয় যে কংগ্রেছ দলে গৌৰৱ গগৈৰ নেতৃত্বত উচ্ছেদৰ বিৰোধীতা কৰি মিঞাৰ ৰাজনৈতিক প্রভূত্বক স্থাপন কৰাৰ প্ৰয়াস কৰিছে। অসমীয়া মানুহৰ আত্মা স্বৰূপ "নামঘৰ"ক মছজিদৰ লগত তুলনা কৰি কংগ্ৰেছ দলে মুকলি কৰা নিৰ্বাচনী গীতৰ জৰিয়তে অসমৰ সমাজ জীৱনক চৰম অবমাননা কৰিছে। ইতিমধ্যে এই দলটোৱে অসমৰ ভাষা, সংস্কৃতি, ৰাজনীতি আৰু অর্থনীতি মিঞাৰ হাতত তুলি দিবলৈও কুণ্ঠাবোধ কৰা নাই। গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলে অসমৰ সমাজত মিঞাৰ প্ৰভুত্ব স্থাপনৰ বাবেই ৰকিবুল হুছেইন, নুৰুল হুদা, জাকিৰ হুচেইন শিকদাৰ, ৰেকিবুদ্দিন আহমেদহঁতক লগত লৈ থলুৱা খিলঞ্জীয়াসত্বাৰ বিৰুদ্ধে নির্বাচনী যুঁজত অবতীর্ণ হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই বর্ণনা কৰে।

assam bjp bjp