/asomiyapratidin/media/media_files/2026/01/29/new-ap-web-2026-01-29-14-01-35.jpeg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশ্বনাথ সমষ্টিত বিজেপিৰ কেবাগৰাকীও প্ৰবল দাবীদাৰক প্ৰাৰ্থিত্বৰ দৌৰত দেখা গৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে বিশ্বনাথৰ সু-সন্তান, জনপ্ৰিয় কণ্ঠশিল্পী তথা জ্যোতি চিত্ৰবনৰ বৰ্তমানৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা।
শেহতীয়াকৈ বিদ্যাসাগৰ বৰাক বিশ্বনাথৰ বিভিন্ন সমাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে সবলভাবে জড়িত হৈ পৰা দেখা গৈছে। ইতিমধ্যে সাধাৰণ ভোটাৰ ৰাইজৰ মাজতো বিদ্যা সাগৰ বৰা বিশেষভাৱে জনপ্ৰিয়ও হৈ পৰিছে। সমান্তৰালভাবে বিশ্বনাথৰ বৰ্তমানৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও জোৰদাৰভাবে ৰাইজৰ মাজত সোমাই পৰিছে আৰু নিজৰ নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে।
ইয়াৰ ওপৰিও বিজেপিৰ ৰাজ্যিক সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসেও ৰাইজৰ মাজত ব্য়াপক প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। প্ৰাক্তন সাংসদ গৰাকীয়ে ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। একেদৰে, বিহালীৰ বৰ্তমানৰ বিধায়ক দিগন্ত ঘাটোৱাৰেও নিজৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে।
ইফালে এই সমষ্টিটোত ভাস্কৰ হাজাৰিকাৰ নামো চৰ্চা লাভ কৰিছে। এনেদৰেই বিশ্বনাথত এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰীক যুঁজখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অৱশ্য়ে বিশ্বনাথ সমষ্টিত এইবাৰ নতুন মুখেই প্ৰাধান্য লাভ কৰিব বুলি ৰাইজৰ মাজত বিশেষভাবে চৰ্চা হোৱা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us