/asomiyapratidin/media/media_files/2026/01/30/dnt-delete-copy-2026-01-30-18-17-05.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়াঃ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দেউৰী সাহিত্য সভাৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে। বিহপুৰীয়াৰ বাঁহগড়া নন্দেশ্বৰ দেউৰী চ্চাৰিয় ক্ষেত্ৰত অনুষ্ঠিত দেউৰী সাহিত্য সভাৰ আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত উজ্বলি উঠিল দেউৰী সকলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণময় সংস্কৃতি। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে বিয়লি ১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। দেউৰী সাহিত্য সভাৰ বিদায়ী সভাপতি ড° ষড়ানন দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সাহিত্য একাডেমি অনুবাদ বটাঁ প্ৰাপক বিপুল দেউৰীয়ে ৷মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° পুণ্য প্ৰভা দেউৰীয়ে আতঁ ধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ প্ৰধান সম্পাদক জয়ন্ত দেউৰীয়ে ৷ সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে ঠংচি৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-image-2026-01-30-18-13-57.jpeg)
ভাষণ প্ৰসংগত তেখেতে ভাষা সংস্কৃতি অবিহনে এটা জাতি নাথাকে বুলি উল্লেখ কৰে ৷ দেউৰী ভাষা সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত দেউৰী সাহিত্য সভাই গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। সভাত দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীয়ে দেউৰী জাতিৰ ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত নৱ প্ৰজন্মক আগবাঢ়ি আহিবৰ বাবে আহ্বান জনাই। তেওঁ পৰিষদৰ তৰফৰ পৰা এখন চাৰিচকীয়া বাহন প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ সভাত দেউৰী সাহিত্যলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা বিশিষ্ট সাহিত্যক ড° ৰত্নেশ্বৰ দেউৰীক এক বঁটা প্ৰদান কৰে। ৰত্নেশ্বৰ দেউৰীৰ শাৰীৰিক অসুস্থতাৰ বাবে এই বঁটা পৰিয়ালৰ লোকে গ্ৰহণ কৰে ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাবে আমন্ত্ৰিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ এমেৰিটাছ ড° ভিমকান্ত বৰুৱাৰ অনুপস্থিতত তেখেতৰ দ্বাৰা প্ৰেৰণ কৰা লিখিত ভাষণ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-image-2-2026-01-30-18-14-33.jpeg)
উল্লেখযোগ্য যে, দেউৰী সাহিত্য সভাৰ এই ৩৬ সংখ্যক অধিৱেশনতে দেউৰী বুৰঞ্জীৰ প্ৰথম খণ্ড,দেউৰী ত্ৰি ভাষিক অভিধান আৰু কেইবাখনো অনুবাদ মুলক গ্ৰন্থ সহ মুঠ ৪৫ খন গ্ৰন্থ উন্মোচন কৰা হয় ৷ সভাত মনিমোহন দেউৰীৰ সম্পাদনাত প্ৰকাশ পোৱা দেউৰী সাহিত্য সভাৰ মুখ পত্ৰ চিগাচি আৰু কামিনী মোহন দেউৰীৰ সম্পাদনাত প্ৰকাশ পোৱা অধিৱেশনৰ স্মৃতি গ্ৰন্থ পুঁজিৰিয়া মেগায়ামু উন্মোচন কৰা হয়। শুক্ৰবাৰে নিশা অনুষ্ঠিত হোৱা অন্তিমখন প্ৰতিনিধি সভাত আগন্তুক কাৰ্যকালৰ বাবে বিশিষ্ট সাহিত্যিক বগাৰাম দেউৰীক সভাপতি আৰু অৱন দেউৰীক প্ৰধান সম্পাদক হিচাবে লৈ আগন্তুক ত্ৰি-বৰ্ষৰ বাবে দেউৰী সাহিত্য সভাৰ নতুন সমিতি খন গঠন কৰা হয় ৷ নৱনিৰ্বাচিত সভাপতি বগাৰাম দেউৰীয়ে আগন্তুক দিনত দেউৰী গাওঁ সমুহত একোটাকৈ পুথিভঁৰাল স্থাপনৰ জড়িয়তে নৱ প্ৰজন্মক দেউৰী ভাষা সংস্কৃতি তথা ঐতিহ্যক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰা হ’ব বুলি মন্তব্য কৰে ৷ দেউৰী সাহিত্য সভাৰ অধিৱেশনত দেউৰী জনগোষ্ঠীৰ বিশিষ্ট সাহিত্যিক,জাতীয় দল সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰ পৰাও আগমন ঘটে কেবা সহস্ৰাধিক সাহিত্য প্ৰেমীৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-image-202-2026-01-30-18-15-10.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us