বিহালীত অন্তৰ্ভুক্ত হোৱা ছয় পঞ্চায়তত সাংসদ ৰঞ্জিত দত্তৰ ব্যাপক সাংগঠনিক তৎপৰতা

সমাগত ২০২৬  ৰ বিধানসভা নিৰ্বাচন। নির্বাচনক লৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গহপুৰঃ সমাগত ২০২৬  ৰ বিধানসভা নিৰ্বাচন। নির্বাচনক লৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ইপিনে সমষ্টি পুনঃনিৰ্ধাৰণৰ পাছত গহপুৰ বিধান সভা সমষ্টিৰ ছয়খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল বিহালী বিধান সভা সমষ্টিত। এই ছয়খন পঞ্চায়ত ক্ৰমে- বালিজান,কেঁকুৰিজান,আমজাৰণি,নলনীবাৰী,কাৰিবিল আৰু টকৌবাৰী। উক্ত ছয়খন পঞ্চায়ত বিহালীত অন্তৰ্ভুক্ত হোৱাৰ পাছত নতুন ৰাজনৈতিক ঠিকনা হৈ পৰা পঞ্চায়ত সমূহৰ ৰাইজক লৈ শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই বিজেপি দলৰ হৈ ব্যাপক ভাবে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি তোলা পৰিলক্ষিত হৈছে।

WhatsApp Image 2026-02-04 at 10.54.46 AM

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিহালীত অন্তৰ্ভুক্ত হোৱা উক্ত পঞ্চায়ত ছয়খনত বিজেপিৰ ভেটি অধিক শক্তিশালী তোলাৰ বাবে সাংসদ ৰঞ্জিত দত্তই প্ৰায়ে সভা-সমিতি অনুষ্ঠিত কৰি ৰাইজক বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। প্ৰতিখন বুথ সমিতিক অধিক শক্তিশালী কৰি তোলাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে সাংসদ ৰঞ্জিত দত্তই। তদুপৰি ছয়খন পঞ্চায়তত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে।

যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈ অহা বালিজান পঞ্চায়তৰ যাতায়ত উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে সাংসদ ৰঞ্জিত দত্তই।অসম অৰুণাচল সীমান্তৱৰ্তী লাল দলং,নলনীবাৰী, পচাগোলা আদি একাধিক অঞ্চলত পকী কালভাৰ্ট আৰু পকী পথ নিৰ্মাণৰ কামো হাতত লৈছে সাংসদ ৰঞ্জিত দত্তই। উক্ত পঞ্চায়ত ছয়খনত সাংসদ ৰঞ্জিত দত্তৰ নেতৃত্বত যিদৰে বিজেপিয়ে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি তুলিছে ইয়াৰ বিপৰীতে সম্পূৰ্ণৰূপে নিস্ৰভ আৰু নিস্ক্ৰিয় হৈ আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল।

উক্ত পঞ্চায়ত ছয়খনত কোনোধৰণৰ সাংগঠনিক তৎপৰতা নাই কংগ্ৰেছ দলটোৰ।বিশ্বনাথ জিলা কংগ্ৰেছ,ব্লক কংগ্ৰেছ কিম্বা মণ্ডল কংগ্ৰেছ সমূহৰ আজিলৈকে উক্ত পঞ্চায়ত ছয়খনত দেখা পোৱা নাই কোনোধৰণৰ সাংগঠনিক তৎপৰতা।নতুনকৈ মণ্ডল কংগ্ৰেছ কমিটি গঠন কৰা হৈছে যদিও মণ্ডল কংগ্ৰেছ কমিটি সমূহে শুই বহিয়েই দিন পাৰ কৰা পৰিলক্ষিত হৈছে।এনে প্ৰেক্ষাপটত উক্ত ছয়খন পঞ্চায়তত তেনেই নিশকতীয়া হৈ পৰিছে কংগ্ৰেছ দলৰ ভেটি। অহা বিধান সভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত উক্ত পঞ্চায়ত ছখনত কংগ্ৰেছ দলে সাংগঠনিক তৎপৰতা কেনেদৰে বৃদ্ধি কৰি তুলিব সেয়া এতিয়া হৈ পৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন।

গহপুৰ