বঢ়মপুৰত জিতু-মণিৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাত তুংগত

নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই আকৰ্ষণীয় হৈছে বঢ়মপুৰৰ ৰাজনৈতিক পৰিৱেশ। বঢ়মপুৰ আসনক লৈ অগপ-বিজেপিৰ মাজতে সৃষ্টি হৈছে ৰাজনৈতিক মতানৈক্যৰ।

author-image
Asomiya Pratidin
New Update
fsfhewhijej

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই আকৰ্ষণীয় হৈছে বঢ়মপুৰৰ ৰাজনৈতিক পৰিৱেশ। বঢ়মপুৰ আসনক লৈ অগপ-বিজেপিৰ মাজতে সৃষ্টি হৈছে ৰাজনৈতিক মতানৈক্যৰ।

৩৫বছৰে অসম গণ পৰিষদৰ দখলত থকা বঢ়মপুৰ পুনৰ ঘূৰাই লাগে অগপক। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত সভা-সমিতি পাতি বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বুলি মন্তব্য কৰিছে অগপ নেতা মণিমাধৱ মহন্ত‌ই।

আনহাতে, প্ৰফুল্ল কুমাৰ মহন্তৰ অসুস্থতাৰ বাবেহে '২১ত বঢ়মপুৰ বিজেপিক এৰি দিয়া হৈছিল বুলি মণিমাধৱ মহন্তই মন্তব্য কৰে। ইয়াৰ বিপৰীতে বিধায়ক জিতু গোস্বামীয়েও বিভিন্ন স্থানত বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত কৰি বঢ়মপুৰ সমষ্টিটো অন্তিম মূহুৰ্তলৈকে ভাৰতীয় জনতা পাৰ্টীকেই লাগিব বুলি দাবী কৰিব বুলি মন্তব্য কৰে। এইদৰে এতিয়া জমি উঠিছে বঢ়মপুৰৰ ৰাজনীতি।

বঢ়মপুৰ