/asomiyapratidin/media/media_files/2025/12/16/sedsdsds-2025-12-16-13-19-57.jpg)
ডিজিটেল ডেস্কঃ "আমি বিচ্ছিন্নতাবাদী আৰু ভাৰত বিৰোধী শক্তিক আশ্ৰয় দিম আৰু তাৰ পিছত আমি সানভনীক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিম।" সোমবাৰে উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ বিচ্ছিন্নতাবাদী গোটক লৈ বাংলাদেশৰ নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতা হাছনাত আব্দুল্লাই কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য।
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি উত্তৰ-পূবৰ উগ্ৰপন্থী আৰু বিচ্ছিন্নতাবাদী গোটসমূহে বাংলাদেশক অভয়াৰণ্য, ট্ৰেনজিট পথ আৰু লজিষ্টিক ঘাটি হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। বিশেষকৈ নব্বৈৰ দশকৰ শেষৰ ফালৰ পৰা ২০০০ চনৰ আৰম্ভণিলৈকে বাংলাদেশক আলফাকে ধৰি অন্যান্য উগ্ৰপন্থী গোট সমূহে ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল। অসম আৰু ত্ৰিপুৰাৰ কেইবাটাও বিদ্ৰোহী সংগঠনে এই সময়ছোৱাত সীমান্তৰ সিপাৰে শিবিৰ, নিৰাপদ ঘৰ, বা সহায়ক নেটৱৰ্ক ৰক্ষণাবেক্ষণ স্থাপন কৰিছিল। আনকি, বাংলাদেশক ভাৰতৰ সৈতে সংযোগ থকা ইছলামিক উগ্ৰপন্থী সমূহকো আতিথ্য প্ৰদান কৰা হৈছিল। হৰকত-উল-জিহাদ-আল-ইছলামী (হুজিআই) আৰু পিছলৈ জামাত-উল-মুজাহিদীন বাংলাদেশ (জেএমবি)ৰ দৰে গোটসমূহক ভাৰতৰ সীমান্তত ঘাটি পাতি লৈছিল।
২০০৯ চনত শ্বেখ হাছিনা পুনৰ ক্ষমতালৈ অহাৰ পিছত এই পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হৈছিল। ঢাকাই ভাৰতক লক্ষ্য কৰি লোৱা বিদ্ৰোহী গোটসমূহৰ ওপৰত ধাৰাবাহিকভাৱে দমন চলাইছিল। আলফাৰ কেইবাগৰাকীও শীৰ্ষনেতা বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল। কিন্তু শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছত নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতা হাছনাত আব্দুল্লাই কৰা এই মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us