শেষ...

তেওঁৰ সৈতে কিছু আলাপ। কল্পনাৰ বিলাস নহয় এয়া। ধৰি লওঁক তেওঁৰ সৈতে শেষ কথা-বতৰা। সুধিব থাকে তেওঁক বহু কথা। বহু উত্তৰ আছে তেওঁৰ গানবোৰতে। প্ৰতিটো গীতেই যেন এতিয়া তেওঁৰেই স্বীকাৰোক্তি....

author-image
Asomiya Pratidin
New Update
1

মৃদুল কুমাৰ সন্দিকৈ

২৩ ছেপ্তেম্বৰ ২০২৫, মঙলবাৰ। ভীষণ ব্যস্ত মানুহ তেওঁ। তাৰ মাজতেই সৃষ্টি,তাৰ মাজতেই কৃষ্টিৰ সাধনা। আজি তেওঁ যাবগৈ! কায়িক দেহটো সামৰি ল'ব জুইৰ উত্তপ্ত শিখাই। উচুপনিবোৰো আজি গান হৈছে, তেওঁৰ গান। তেওঁতো এখন মেলা কিতাপ, মুকলি এখন বিশাল আকাশ। ৰ'দে চিকমিকোৱা পুৱা আৰম্ভ হ'ল শেষ যাত্ৰা। পিছে পিছে গণিব নোৱাৰা মানুহ। এয়াইতো ভাল পোৱা।

তেওঁৰ সৈতে কিছু আলাপ। কল্পনাৰ বিলাস নহয় এয়া। ধৰি লওঁক তেওঁৰ সৈতে শেষ কথা-বতৰা। সুধিব থাকে তেওঁক বহু কথা। বহু উত্তৰ আছে তেওঁৰ গানবোৰতে। প্ৰতিটো গীতেই যেন এতিয়া তেওঁৰেই স্বীকাৰোক্তি,নিজৰ-আনৰ,সময়ৰ আৰু চৌদিশে দেখা ঘটনাক্ৰমৰ।

আৰম্ভ যদি এনেকৈয়ে কৰা হয়। সৰুসজাইৰ পৰা ওলাই আহিছে ফুলেৰে সজ্জিত বাহনখন। লক্ষ্য স্থান সোণাপুৰৰ হাতীমুৰা। ভিৰ ফালি গাড়ী আগবাঢ়িছে। মানুহবোৰে জুবিন জুবিনকৈ চিঞৰিছে। আজি কোনেও ৰখাব পৰা নাই দুচকুত পানী। এয়াই যে শেষ দেখা। 

তাৰ পাছত তেওঁ লিখিব সৰগৰ ঠিকনা। কেনেকৈ বিশ্বাস কৰিব মানুহে। উত্ৰাৱল হৈ পৰা মনবোৰত বিষাদৰ ধুমুহা। এয়া জানো কম যন্ত্ৰণা। তাৰমাজতেই তেওঁৰ সৈতে পাতিব জানো মন নাযায় শেষবাৰৰ বাবে কথা? 

আজি প্ৰথমটো প্ৰশ্নই তেওঁক সুধিলোহেঁতেন- "ৰহস্যঘন আপোনাৰ এই মৃত্যু। সন্দেহ আৰু অভিযোগৰ আঙুলি উঠিছে বহু মানুহলৈ। কি ক'ব আপুনি এই সন্দৰ্ভত?"

তেওঁ সেই পৰিচিত উদাসীন হাঁহিটো মাৰি হয়তো ক'লে হয়- "মানুহে মোক ভাল পায় বাবেই সহজে ল'ব পৰা নাই এই মৃত্যু। মই আজীৱন অন্যায়ৰ বিৰুদ্ধে যুঁজিছো। মোৰ ক্ষেত্ৰতো অন্যায় হোৱাতো মই নিবিচাৰো। সহজভাৱে লওঁ সকলোকে। বাকী কোনে কি ভাৱিছে সেয়া মই নাজানো।"

দ্বিতীয়টো প্ৰশ্নলৈ যোৱাৰ পূৰ্বেই চাইছিল তেওঁ আকৌ এবাৰ দুইকাষে ৰৈ থকা আৱেগিক মানুহবোৰলৈ। চকুৰ ইছাৰাতে যেন ক'ব খুজিছিল মায়াৰ শিকলি খুলি মই ওলালো আজি, এই বাটেৰে আৰু নাহো উভতি।

প্ৰশ্নটো সাজু হৈয়ে আছিল। সোধা হ'ল তেওঁক- এটা যুগৰ অন্ত হ'ল। এই যুগৰ নাম জুবিন। নাহে আৰু কোনো আমাৰ মাজলৈ আপোনাৰ দৰে এজন...

পুনৰ সেই হাঁহি তেওঁৰ  মুখত। কিছু সময়ৰ মৌনতা, তাৰ পাছত ভাৱনাৰ খেলা। অসাধাৰণ মানুহজনে এই প্ৰশ্ন শুনি মনতে সাজু কৰিছিল এক উত্তৰ-মই কবিতা লিখিছিলো। মোৰ গানবোৰো কবিতাৰ দৰেই। তেনে এটা কবিতাৰ কথা মোৰ মনত পৰিছে আজি। বন্ধু ৰূপক শৰ্মাই উদ্যোগ লৈ প্ৰকাশ কৰিছিল সেই কবিতাৰ কিতাপখন। নাম আছিল শব্দ অনভূতি। তাতেই মই লেখা এটা কবিতা আছে। কবিতাৰ শিৰোনাম "চক্ৰ"।

কি লিখিছিলো তাত, এবাৰ পঢ়িবা- শেষ বুলিলেইতো/ শেষ নহয়.../ আকৌ আৰম্ভ হয়/ শেষ নহয়...। মই গৈছো আন কোনোবা আহিব। সেই ঠাই পূৰাবহি। শেষ নহয় কেতিয়াও, শেষৰ পাছত আৰম্ভহে হয়।

অহ! কি বুদ্ধিদীপ্ত উত্তৰ তেওঁৰ। কিমান আশাবাদী, আজিৰ দিনটোতো তেওঁ। কথাবোৰ চিৰিয়াছ হৈ গৈ আছিল। মানুহবোৰৰ যে এতিয়া মন গধূৰ। মনত পৰি ৰ'ল সেই পুৰণি সময়ৰ এটা কথালৈ। চলি আছিল তেওঁৰ এক অনুষ্ঠান। সুযোগ পালেই তেওঁ কৈ দিয়ে বহু কথা। পৰিৱেশটো পাতল কৰিবলৈকে তেওঁক সুধিলো মনত আছেনে আপোনাৰ এবাৰ যে আপোনাৰ অনুষ্ঠান চাবলৈ গৈ সন্মুখত ৰৈ থকা ধুনীয়া এজনী ছোৱালীক হাতেৰে ধৰি তুলিব খুজিছিল ষ্টেজলৈ...

মোৰতো সব কথাই মনত থাকে। ইমান ধুনীয়া ছোৱালীজনীক বোলো হাতেৰে ধৰি এনেকৈ উঠাম, তাইক ষ্টেজত... কোন এই গৰু এটা আছিল সি এইপিনে উঠাই দিছে। মই বোলো এইফালে উঠাম,সব বস্তু ফিল ফেক্টৰটো...- নাহাঁহি থাকিব পাৰে তেওঁৰ এই ৰসাল কথাবোৰ শুনিলে।

আকৌ কিছু চিৰিয়াছ কথা পতা ইচ্ছা আছিল। মনতেই পাগুলি থকা প্ৰশ্নবোৰ। দেখিছিলো এক দৃশ্য তেওঁৰ অন্তিম যাত্ৰাৰ পূ্ৰ্বে। কিমান খিয়াল ৰাখে মানুহবোৰে তেওঁৰ। পাহৰিব বুলি গামোছাতে বান্ধি দিছিল তেওঁৰ সৈতে চাদাৰ এটা টেমা। কথাতো তেওঁক উনুকিয়াই দিওঁতে তেওঁ ক'লে বিদেশত চাদা খোৱাৰ এক কাহিনী। 

চিকাৰ চিনেমাখনৰ বাবে বিদেশত শ্বুটিং কৰি থাকোতে চাদা খাব মন গ'ল। আমিটো লণ্ডনত শ্বুট কৰি আছিলো। ৰাস্তাটোৰ অপ'জিতত এখন চেভেনষ্টাৰ হোটেল আছিল। মই ক'লো টয়লেট যাওঁ। আমি গেটআপত আছো। আদিবাসী অসমৰ পৰা পলাই যোৱা ড্ৰেছত। চেভেনষ্টাৰ হোটেলত সেই গেটআপত। মোৰ লগৰটোৱে ভয় খাইছে মাৰি ওলাই দিব নেকি। মই ক'লো ধুত, মই আছো ব'ল। কিবা ক'লে তই ইয়া ইয়া কৈ যাবি। হোটেলত দিলো সোমায়। টয়লেট যাওঁ বুলি ক'বলৈ বেয়া লাগেতো। মোৰ মাথাত কথা এটা সোমালে। মই বোলো বাৰখন ক'ত সুধিলো। এটাই দেখুৱাই দিলে। আমাক দেখি সি হয়তো ভাৱিছে এইকেইটা মক্কেল ক'ৰ পৰা আহিছে। 

টয়লেট গ'লো,ওলাই আহিছো। লাউঞ্জত বহু মানুহ বহি আছে। মই লগৰটোক কৈছে- মাৰ চাদা মাৰ। সি কৈছে দাদা এতিয়া আমাক পুলিছত দিব। মই ক'লো- হেই, কোনে কৈছে ব্ৰিটিছে চাদা নাখায়, চাদা আহিছে আমেৰিকাৰ পৰা। তাকো আনিছে ব্ৰিটিছে। মই সব হিষ্ট্ৰী জানো। বকি দিম মৰি যাব। তাৰ পাছত চাদা খায় ওলাই আহিছো তাৰ পৰা। সিহঁতি ভাৱিছে চাগে কি মাল এইকেইটা।

আপোনাৰ জীৱন বিচিত্ৰ অভিজ্ঞতাৰে ভৰা।  কিমান কাহিনী আছে আপোনাৰ। এবাৰ ডকাইতকো পিটিছিল হেনো আপুনি। কি হৈছিল সেইদিনা?

মনত পৰিল তেওঁৰ সেই পুৰণি ঘটনা।  ৪ টা ডকাইত পিটিছো মই।  মিঞা আছিল সেইকেইটা। লংকা চাইডৰ ঘটনা আছিল। সেইটো চাইডে মিঞা ডকাইত বেছিতো। এখন বাছতে প্ৰ'গ্ৰেম কৰিবলৈ যাওঁ আমি তেতিয়া। ৰাতি ঘূৰি আহোতে ধৰিলে ডাকাইতে। মই লগৰ কেইটাক সুধিলো কি কৰো এতিয়া? প্ৰ'গ্ৰেমৰ পইছা কেইটাও নিব। মই লগৰ এটাক ক'লো কি কৰো এতিয়া? লগৰ কেইটাই ক'লে একো কৰিব নালাগে। সিহঁতি কিবা কৰা আগত পিটিব লাগিব। গাড়ীৰ ভিতৰত থকা মাইকৰ ষ্টেণ্ডটো উলিয়াই ল'লো হাতত। ৰ'ড হে সেইডাল। আমিতো ১২ টা মান থাকো। গাড়ী ৰখাইছো, নামি গৈছে, ধাই-ধুই পিটিছো তাৰ পাছত গাড়ীত উঠি  পলাইছো। খুব পুৰণি ঘটনা এয়া।

শৰতৰ বতৰ এয়া। এইবাৰ শৰত সেমেকা। দুৰ্গা পূজা আহিব, কিন্তু নাথাকিব তেওঁ। ব'হাগ বিহু আহিব, নাথাকিব প্ৰিয় গায়ক। তথাপিও পূজাক লৈ এটা প্ৰশ্ন। তেওঁ বিহীন প্ৰথমটো দূৰ্গা পূজা। দূৰ্গা পূজা চাই নে আপুনি?

পূজা বুলি ক'লেই মোৰ মনত পৰে কৰিমগঞ্জলৈ। সৰুতে আমি তাত আছিলো। তাতেই বেছি পূজা চাইছো। মা দেউতাৰ লগত পূজাৰ মণ্ডপলৈ গৈছিলো। অলপ ডাঙৰ হোৱা পাছত লগৰবোৰৰ লগত পূজা চাই ফুৰ্তি কৰিছিলো। পিছলৈ অৱশ্যে পূজা চাবলৈ সময় পোৱা নাছিলো। এইবাৰতো নায়ে মই! গুছি যাম। ৰাইজে ভালদৰে পূজা চাওঁক, উপভোগ কৰক।

ৰাজনীতিৰ সৈতে আপোনাৰ শত্ৰুতা আছে নেকি? বহু মঞ্চত দেখো নেতা-মন্ত্ৰীক আপুনি বেয়াকৈ সমালোচনা কৰে। কিয় ৰাজনীতি আৰু নেতাৰ প্ৰতি অনীহা?

প্ৰশ্নটো শুনি জুবিন গাৰ্গে এটা গানৰ কলি গালে- মন্ত্ৰী-এমএলএ সব পাপৰ হে মাত্ৰ/দেখিবলৈ খাদ্য, আচলতে শব্দ। তাৰ পাছত তেওঁ কৈ গ'ল- এইটোৱে সঁচা। মন্ত্ৰী,এমএলএ ৰ লেকচাৰ বেছি, কিন্তু কাম নকৰে। কেৱল লেকচাৰ মাৰে। ক্ষীণ মন্ত্ৰী-এমএলএ দেখিছা নেকি? মালটো খাই যে পেট ওলাই যায়। এই কথাষাৰ মোক হীৰু দাই কৈছিল। পাপৰ বোৰ দেখিবলৈ খাদ্য কিন্তু আচলতে ই এক শব্দহে। মন্ত্ৰী-এমএলএ ও একেই। 

আপুনি প্ৰকৃতিক ভাল পায়। গছ-গছনি প্ৰিয় আপোনাৰ। জীৱ-জন্তুৰ প্ৰতি আপোনাৰ মৰমৰ কথা সকলোৱে জানে। গছ কাটিলে আপুনি বৰ বেয়া পায়। প্ৰতিবাদ কৰিছিল। এতিয়া সেইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ আপুনি নাথাকিব। 

ভীষণ খং উঠিছিল তেওঁৰ। মাতটো ডাঙৰ হৈ পৰিছিল। কৈছিল- এইবোৰ ঘেন্টা বন্ধ কৰিব লাগে। য'ত গছ লাগে, তাত গছ কাটে। আৰু য'ত কাটিব লাগে তাত গছ ৰোৱে। এইবোৰ দেখিলে খং উঠে। ফ্ৰী চাউল দিয়ে আমাক। ভিক্ষাৰী বুলি ভাৱে। আৰু কম নেকি মই? মই মুখ খুলিলে মোৰ মুখখন বৰ বেয়া। আমাৰ কি নাই? গছ আছে, মাটি আছে, পাহাৰ-নদী,প্ৰকৃতি সকলো আছে। ৰাইজ সজাগ হৈ থাকক। মই নাথাকিলেও ৰাইজ থাকিব লাগিব।

সাধাৰণ মানুহবোৰে আপোনাক বৰ ভাল পায়। তেওঁলোকৰ হৃদয়ে হৃদয়ে আপুনি গীতৰ নিজৰা হৈ বৈ থাকিব চিৰকাল...

মই ধনী মানুহৰ লগত নাথাকো। ৰাস্তাৰ পাগলেও মোক ভাল পায়। ঠেলাৱাল-ৰিক্সাৱালা,পাণদোকানীৰ লগত থাকো মই। গুৱাহাটীত কেবাটাও পগলা আছে, মোক বহুত ভাল পায়। মোক দেখিলে চিঞৰে জয় জুবিন দা বুলি। মানুহে পাগল বুলি কয় সিহঁতক, মই নকওঁ তেনেকৈ। সেইবিলাকেটো মোৰ বন্ধু।  এবাৰ কি হ'ল জানা- জুবিন গাৰ্গে সময় কিমান হৈছে জানিব বিচাৰিলে। ইতিমধ্যে যোৰাবাট অতিক্ৰম কৰিছে এই মিছিলে।

হাতত কিছু সময় আছিল আৰু। তেওঁ ক'লে আন এটা কাহিনী- সেইদিনা মই জি এম চি এইচলৈ গৈছিলো। দৰব কিনিবলৈ, ৰাতি ২ টা মান বাজিছিল তেতিয়া। তাতেই মানুহ এটাই লগ পালে। মোক দেখিয়েই চিনি পালে সি। চিঞৰিলে- ঐ তই জুবিন পাগল নহয় নে? মই ক'লো- হয়। সি ক'লে- মই জানো, তই ৰাণা কলতাৰ(কলিতা)ঘৰত থাক'। দিনত তই শুই থাকো হয় নে? মই আকৌ ক'লো- হয়। তাৰ পাছত পুনৰ ক'লে, ৰাতি ঘূৰি ফুৰো হয়নে? মই হয় হয় কৈ গ'লো। শেষত সি ক'লে- তয়ো পাগলা, ময়ো পাগলা।

ঠাণ্ডাৰ দিন আছিল। মই ধুনীয়া জেকেট এটা পিন্ধি গৈছিলো। সেইটোকে তাক পিন্ধাই গুছি আহিলো।- ভাৱকচোন মানুহজন কেনেকুৱা। পৰৱৰ্তী প্ৰশ্নতো তেনেই ছুটি আছিল- কেতিয়াবা গান গাবলৈ মন নোযোৱা হয়নে?

ছুটি প্ৰশ্নৰ ছুটি উত্তৰ আছিল তেওঁৰ- হয় তেনেকুৱা কেতিয়াবা। কেতিয়াবা মোৰ গান নাগাবলৈ মন যায়। 

আপোনাৰ গানবোৰে কথা কয়। মনৰ কথা, হৃদয়ৰ কথা। গৰিমা গাৰ্গে আপোনাৰ এটা গান ভাল পোৱা নাছিল। এই যে চানমাৰীত তোমাক দেখো,গণেশগুৰিত তোমাক দেখো। তেতিয়া সেইটো গান বজাই আপোনাৰ অনুৰাগী সকলে আপোনাক সোঁৱৰিছে।বাজিছে প্ৰতিটো গানেই। মায়াবিনীৰ পৰা আৰম্ভ কৰি সকলোবোৰ গানত যেন আপুনিয়ে আছে। কেনেকৈ লিখে আপুনি এইবোৰ গান? কেনেকৈ সৃষ্টি কৰে সেই গীতবোৰ।

জুবিন গাৰ্গে কৈ গ'ল তেওঁৰ গানৰ কথা। গৰিমাই প্ৰথমে ভাল পোৱা নাছিল তুমি কোৱা এই গানটো। মই এটা কথা বুজি নাপালো। মোৰ বহু গীত যেতিয়া মই লিখো আৰু সৃষ্টি কৰো মই মনতে ভাৱো এইটো নচলিব। কোনেও ভাল নাপাব এইটো গীত। শেষত দেখো সেইটোৱে হিট হৈছে। মানুহে আদৰি লৈছে। ভাল লাগে তেতিয়া মোৰ। মোৰ অনুভৱক যে মানুহে বুজি উঠে। তেনেকুৱা এটা গীত আছিল- এন্ধাৰ পথত জোনাক ৰাতি, খোজে খোজে মই তুমি চাগৈ এনেকুৱাই।

মুখ্যমন্ত্ৰীয়ে ভাল পায় আপোনাৰ গীত। এবাৰ সাংবাদিকে এই প্ৰশ্ন কৰিছিল জুবিন নে পাপন? তেওঁ কৈছিল চিধা-চিধি- মই জুবিনৰ ফেন। সেই ব্যাখ্যাও দিছিল সেইদিনা তেওঁ। কৈছিল- পাপনে বেয়া পাব নালাগে। মই জুবিনৰ গান শুনি ভাল পাওঁ। পাপনৰ গান ইন্টেলেকচুৱেল, কিন্তু জুবিনৰ গান কমন মেনৰ হয়। ড০ হিমন্ত বিশ্ব শৰ্মাৰ মনৰ কথা আছিল এয়া। 

আকৌ এটা হাঁহি মাৰিলে জুবিনে। বিনম্ৰ হাঁহি আছিল সেয়া। মইনো কি কম? সেয়া মানুহৰ নিজৰ চইজৰ কথা। সবৰে গায়কী বেলেগ বেলেগ। এইটো হয়, মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে মোৰ গীতত কেৱল জীৱন-যৌৱনে নাথাকে। সৰ্বহাৰা লোকৰ আৰ্তনাদে মোক খুন্দিয়াই থাকে। 

বহু কথা পাতিলো। শেষ কৰিব লাগিব আমি। বহু দূৰ যাব লগা আছে আপুনি। প্ৰথমখন বিহু ফাংচন আপুনি ক'ত কৰিছিল? এইবাৰৰ পাছত বিহু ফাংচনত নেদেখিম আপোনাক। 

এইটো বৰ ইন্টেৰেষ্টিং কাহিনী। অনামিকাৰ পাছত মোৰ মায়া এলবামখন ওলাইছিল জাষ্ট। মই ঠিক কৰিলো বিহু ফাংচন কৰিম।দুলীয়াজানত আছিল সেইখন বিহু ফাংচন। জীৱনত প্ৰথম ইমান মানুহ দেখিছো। অলপ ভয়ো লাগিছিল। মোৰ নামটো ঘোষণা কৰিলে। লগৰ কেইটাই ঠেলিছে যা। মই উঠি গ'লো ষ্টেজত। তললৈ চোৱা নাই। ষ্টেজত কেবোল এডাল আছিল। সেইডালত উজুত খাই ষ্টেজত মানুহৰ সমুখতে পৰিলো ধামকৈ।

বহুতে ভাৱিলে মই মাল খাই পৰিছো।মইতো তেতিয়া একোৱে নাখাও। মানুহবোৰে খুব জোৰেৰে হাঁহি দিছিল। মই উঠি মাইক্ৰ'ফোনটো লৈ ৰৈ থকা নাই। আৰম্ভ কৰি দিলো গান। এয়াই আছিল মোৰ প্ৰথম বিহু ফাংচন। মনত থাকি গ'ল সেই দিনটো।

আপুনি লগুণ নিপিন্ধে। আপুনি ধৰ্ম নামানে। এবাৰ ইয়াক লৈ আপোনাক খগেন গগৈয়ে প্ৰশ্ন কৰিছিল। মনত আছে নে আপোনাৰ?

কিয় নাথাকিব। খগেন গগৈয়ে মোক বিহু গাবলৈ শিকাইছে। তেওঁ মোক ধেমালি-ধুমুলা কৰি থাকে। তেওঁ প্ৰায়ে সোধে- জুবিন মানে তৰোৱাল। তই যি ক' মানুহে মানে। ভালকে ক'লেও মানুহে মানে। বেয়াকে ক'লেও মানুহে মানে। মই বেয়াকৈ কমেই কওঁ। সেইদিনা মই তেওঁক কৈছিলো। বহু ঠাইত মই কওঁ- মই লগুণ নথকা বামুণ। বামুণ নহয়, মই মানুহ। মোৰ কোনো জাতি নাই,মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। 

এয়াই জুবিন। আপোনাৰ অৰিজিনেল ঘৰ ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে পৃথিৱীয়ে মোৰ ঘৰ। মোৰ জন্ম তুৰাত হৈছিল। আমাৰ অৰিজিনেল ঘৰখন আছিল জাঁজিৰ তামুলী চিগাত।

সোণাপুৰ পাওঁ পাওঁ হৈছিল। জালুকবাৰীত ভূপেন হাজৰিকা আৰু সোণাপুৰত থাকিব আপুনি। ভূপেন হাজৰিকাক আপুনি মামা বুলি মাতিছিল। তেখেতৰ সৈতে কেনে সান্নিধ্য আছিল? 

ভূপেন হাজৰিকাৰ নাম শুনি তেওঁৰ মুখখন উজ্জ্বল হৈ পৰিছিল। কৈ গৈছিল সেই সান্নিধ্যৰ কথা। ভূপেন হাজৰিকাক মই ভূপেন মামা বুলি মাতিছিলো। মৃত্যুৰ সময়ত তেওঁ মুম্বাইত হাস্পতালত আছিল। ময়ো মুম্বাইলৈ গৈছিলো তেতিয়া। কিন্তু চাবলৈ যোৱা নহ'ল। আইচিইউত আছিল তেওঁ। মই আইচিইউলৈ যাবলৈ বৰ বেয়া পাওঁ। ভাৱিছিলো সুস্থ হৈ অহাৰ পাছত লগ পাম। কিন্তু তেওঁ গুচি গ'ল। তাৰ এবছৰৰ আগতে ডিব্ৰুগড় বিমান বন্দৰত তেখেতক শেষবাৰৰ বাবে লগ পাইছিলো। সেইদিনা তেওঁ মোক কৈছিল- দেহৰ যতন ল'বলৈ। দিনে-ৰাতিয়ে কাম নকৰিবলৈ। অলপ নিজক টাইম দিবলৈ।

শেষ কৰো বুলিও শেষ নহয় আপোনাৰ সৈতে পতা কথাবোৰ।টাৱাঙলৈ গৈছিল হনিমুনৰ বাবে। লগত কিমান মানুহ আছিল? মুখত এইবাৰ জুবিন গাৰ্গৰ দুষ্টমি ভৰা হাঁহি। এইবোৰ কথা মই কাৰোবাক কাৰোবাক কৈছো। গৰিমাক বিয়া পতা পিছত হনিমুনৰ বাবে টাৱাঙলৈ যোৱাতো ঠিক কৰিলো। এতিয়ালৈ টাৱাং দেখা নাই। শুনি আছো টাৱাঙৰ কথা।যাকেই লগ পাইছো তাকেই লগ ধৰিছো। ১৮ টা হ'ল মুঠ মানুহ। ৭খন গাড়ীৰে গৈ তিনিদিন থাকি আহিলো। পিকনিক খালো, ফুৰ্তি কৰিলো বৰ ভাল লাগিল। এনেকৈয়ে হৈ গ'ল হনিমুন। গৰিমাই জানে মোৰ পাগলামিবোৰ। সহ্য কৰি লৈছিল তাই সকলো। ভাৱো এতিয়াও তাই চম্ভালিব পাৰিব।

মানুহৰ ভিৰ বাঢ়ি গৈছিল। বহু প্ৰশ্ন থাকিলেও আৰু মাত্ৰ তিনিটা প্ৰশ্ন তেওঁক সুধিম বুলি কৈছিলো। তামুলপুৰত পঢ়িছিল তেওঁ। তেওঁৰ পঢ়া শ্ৰেণীত দুজনী ছোৱালী আছিল। যাক লৈ গান লিখিছিল।

এইটো কথা সঁচা। সোঁৱৰণিৰ দুৱাৰ খুলি ঘূৰি গৈছিল তেওঁ হাইস্কুলীয়া দিনলৈ- আমাৰ ক্লাছটোত ল'ৰা বেছি। ছোৱালী মাত্ৰ দুজনী। এজনীৰ নাম জোনমণি, আনজনীৰ নামৰ ৰুণজুন। মই দুয়োজনীৰ লগতে লাইন মাৰিছিলো। পিছত মই ৰুণজুন আৰু জোনমণিক লৈ লিখিছিলো এটা গীত- জোনমণি-ৰুণজুন/ তেতিয়া চকুত জোন/ নিভাঁজ আৱেগৰ টোপাটোপে সৰা সোণ...

এৰি থৈ যাব আপোনাৰ অগণন গুণমুগ্ধক। বিশেষকৈ যুৱচামে আপোনাক প্ৰাণ ভৰি ভাল পায়। সেই যুৱচামৰ প্ৰতি আপোনাৰ শেষ কিবা ক'ব লগা। জুবিন গাৰ্গে উত্তৰবোৰ ছুটি কৰি আনিছিল। হাতত সময় একেবাৰে নাছিল। তেওঁ কৈছিল- মই এই কথা আগতে বহুবাৰ কোৱা মনত আছে। আমি নতুন প্ৰজন্মই ইচ্ছা কৰিলে দেশ সলাবও পাৰো, ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰো। ভালে থাকক সকলো।

এই প্ৰশ্নটোৰে শেষ কৰিব খুজিছো। আপোনাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আপোনাক ঠগিছে বুলি বহু কথা ওলাইছে। আপোনাৰ অগোচৰে আপোনাৰ প্ৰতি অন্যায় কৰিলে বুলি মানুহ ক্ষোভিত হৈ আছে। এই প্ৰশ্নৰ উত্তৰ দিওতে তেওঁ অলপ উদাস হ'ল। ক'লে- তাক মই বিশ্বাস কৰিছিলো। জীৱনত কি আছে। মইয়ে বা আজি কি লৈ যাম? মই নাথাকিলেও আইন আছে, প্ৰশাসন আছে। বিচাৰ কৰিব কি সঁচা, কি মিছা। 

শেষ হৈছিল এনেকৈয়ে আমাৰ এই কাল্পনিক কথোপকথন। সাজু হৈ আছিল চন্দন কাঠেৰে সজা চিতা। আনুষ্ঠানিকতা আৰম্ভ হ'ল। মানুহবোৰে ফুলৰ থোপা দি শেষ শ্ৰদ্ধা জনালে। সমৱেত অনুৰাগীয়ে তেওঁৰ গীতকে গালে। ৰিঙা ৰিঙা মন লৈ চিঞৰিলে সমস্বৰে- দুৰণিৰ পৰা ৰ' লাগি চাওঁ আজি তোমাক, জানোচা তুমি চোৱা মোলৈ এবাৰ ঘূৰি।

গৰিমা গাৰ্গে কাষত বহি হাতযোৰ কৰি উচুপি থাকিল গোটেই সময়। পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰিলে, ২১ জাই গুলি ফুটাই আৰক্ষীয়ে শেষ বিদায় জনালে ৰাষ্ট্ৰীয় মৰ্যদাৰে। উঠাই দিয়া হ'ল তেওঁৰ নশ্বৰ দেহ সেই চিতাত। মৃতদেহৰ ওপৰৰ বগা কাপোৰ আঁতৰাই জাপি দিলে প্ৰিয়জনে চন্দনৰ খৰি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এটুকুৰা খৰি তুলি দি ক'লে যোৱাগৈ জুবিন তুমি।

জোৰ লৈ আগবাঢ়িল  ভগ্নী পামী আৰু মৰমৰ ভাতৃসদৃশ ৰাহুল গৌতম। কেইটামান পাক মাৰি চিতাৰ খৰিত কৰিলে মুখাগ্নি। তাৰ পাছত দায়িত্ব ল'লে জুয়ে। ২০১৫ ত তেওঁ কলাক্ষেত্ৰত ৰুইছিল এজোপা ৰঙা চন্দন। জন্মদিনৰ দিনা কৰিছিল সেই কাম। আজি সেইজোপা ডাঙৰ হৈছিল। তাৰো কেইটামান ঠাল আনি দিয়া হ'ল তেওঁ চিতাত জাপি। 

দপদপাই জ্বলি উঠিল জুই। শেষ হৈ গ'ল এনেকৈয়ে এটা সত্বা। সকলোৰে হিয়াৰ কোণে কোণে অশ্ৰু বাগৰিল। জীৱনৰ ৰংবোৰ নিস্তেজ কৰি গুচি গ'ল প্ৰিয় মানুহ...

জুবিন গাৰ্গ গৰিমা শইকীয়া গাৰ্গ গৰিমা গাৰ্গ