লামডিঙত‌ সংঘটিত এক অমানৱীয় ঘটনা

বিদ্যালয় চাফ চিকুণ কৰাৰ লগতে জাৱৰ-জোঁথৰ জ্বলোৱাৰ কামত ছাত্ৰ-ছাত্ৰীক নিয়োজিত কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  লামডিঙত‌ সংঘটিত এক অমানৱীয় ঘটনা। প্ৰধান শিক্ষকে পাঠদান কৰাৰ সলনি ছাত্ৰ ছাত্ৰীক নিয়োজিত কৰে বিদ্যালয়ৰ কাম-কাজত। ইপিনে বিদ্যালয় চাফ চিকুণ কৰাৰ লগতে জাৱৰ-জোঁথৰ জ্বলোৱাৰ কামত ছাত্ৰ-ছাত্ৰীক নিয়োজিত কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে। লামডিং খাংগাৰ গাঁৱৰ নিউ এল পি স্কুলত সংঘটিত হৈছে এই ঘটনা। 

উল্লেখ্য যে, চজল মজুমদাৰ নামৰ প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ৰ পুৰণি নথি পত্ৰ, জাবৰৰ দ'ম জ্বলাবলৈ দিছিল কেইগৰাকীমান কণমানি ছাত্ৰ-ছাত্ৰীক। এই কাৰ্য কৰাৰ সময়তে এগৰাকী ছবছৰীয়া ছাত্ৰৰ হাতত জুয়ে-পোৰাৰ ফলত আঘাপ্ৰাপ্ত হয় ছাত্ৰগৰাকী। আনফালে সন্তানৰ লগত এই ঘটনাক সংঘটিত হোৱাত পিতৃ মাতৃয়ে বিদ্যালয়লৈ গৈ অভিযোগ কৰাত প্ৰধান শিক্ষক গৰাকীয়ে এই কাণ্ডক বাংলাদেশৰ ঘটনাৰ লগত তুলনা কৰে। প্ৰধান শিক্ষক গৰাকীয়ে কয় যে-  এই ঘটনাতো সামান্য ইয়াতকৈ ডাঙৰ ডাঙৰ ঘটনা বাংলাদেশত ঘটি আছে। 

এই ঘটনাৰ পাছতে ছাত্ৰ গৰাকীৰ পিতৃ মাতৃয়ে লামডিং থানাত প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। যি সময়ত অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন বিদ্যালয় উন্নতি কৰণ কৰিছে তেনে সময়ত লামডিঙৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ সলনি কাম কৰবলৈ দিয়া কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

লামডিং