/asomiyapratidin/media/media_files/2026/03/06/whatsapp-image-2-2026-03-06-18-57-04.jpeg)
ডিজিটেল ডেস্কঃ জনসংখ্যা বৃদ্ধি কৰিবলৈ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে। বৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে- কোনো দম্পতীয়ে তৃতীয়টো সন্তান জন্ম দিলে তেওঁলোকক ২৫,০০০ টকাৰ এককালীন আৰ্থিক অনুদান দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। লগতে জন্মৰ হাৰ হ্ৰাস পোৱাটো কেইবাখনো ৰাজ্যৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। কেৱল ভাৰতেই নহয়,আন বহু দেশো এই সমস্যাৰ সন্মুখীন হৈছে।
উল্লেখ্য যে- আজিৰ দিনটোত ৰাজ্যৰ বিধানসভাত ভাষণ প্ৰদান কৰি এন চন্দ্ৰবাবু নাইডুৱে জন্মৰ হাৰৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয়- বৰ্তমান অন্ধ্ৰপ্ৰদেশত জন্মৰ হাৰ ১.৫ শতাংশ। এইটো প্ৰতিস্থাপনৰ স্তৰৰ তলত। তেওঁৰ চৰকাৰে অনাগত দিনত এই হাৰ ২.১ শতাংশলৈ বৃদ্ধি কৰিব বিচাৰিছে। সেয়ে এক নতুন আঁচনিৰ পৰিকল্পনা কৰা হৈছে। আমি এক অভিনৱ পদ্ধতিৰ বিষয়ে চিন্তা-চৰ্চা কৰিছোঁ।যেতিয়াই কোনো দম্পতীয়ে দুটা বা ততোধিক সন্তান জন্ম দিব তেতিয়াই আমি তেওঁলোকক ২৫ হাজাৰ টকাকৈ দিম। এই ধন জন্মৰ সঠিক সময়ত দিয়া হ'ব।এই আঁচনিখনে ৰাজ্যৰ জনসংখ্যাৰ গাঁথনিত পৰিৱৰ্তন আনিবলৈ গৈ আছে।
ইপিনে মাৰ্চ মাহৰ শেষৰ ফালে ৰাজ্য চৰকাৰে সম্পূৰ্ণ নতুন জনসংখ্যা ব্যৱস্থাপনা নীতি প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে। যদি সকলো সুচাৰুৰূপে প্ৰতিফলিত হয় তেন্তে অহা এপ্ৰিলৰ পৰা এই আৰ্থিক সাহায্য নিয়ম কাৰ্যকৰী কৰিব পৰা হ'ব।
/asomiyapratidin/media/post_attachments/static-mcnews/2026/03/20260306052314_cbn-818773.jpeg?impolicy=website&width=1600&height=900)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us