/asomiyapratidin/media/media_files/2026/02/21/fdsfdfdsfdfdf-2026-02-21-21-29-21.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাষিক বৈশিষ্ট্যৰ ভিত্তিত ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬ বলবৎ হোৱাৰ পাছৰে পৰা অসমৰ সর্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই নিজৰ মজিয়াৰ পৰা অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ অহৰহ দাবী জনাই আহিছে। ১৯৬০ চনৰ ভাষা আন্দোলনৰ ফলস্বৰূপে গ্ৰহণ কৰা Assam Official Language Act আইনখন বিধিসম্মতভাৱে বলবৎ হ’লেও ৰাজ্যত ইয়াৰ পূৰ্ণাংগ ৰূপায়ণ এতিয়াও হোৱা নাই বুলি সভাই অভিযোগ উত্থাপন কৰে।
সভাৰ মতে, চৰকাৰী অধিসূচনা নং পি.এল.বি.৫৬০২১৫/৭৮ (১৪/০৪/২০২৫) আৰু চৰকাৰী পত্র নং পি.এল.বি.৫৬০২১৫/১১৭ (১৫/১০/২০২৫) যোগে আইনখন সঠিকভাৱে ৰূপায়ণৰ বাবে চৰকাৰী কাৰ্যালয়সমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ ফলপ্ৰসূ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-image-2026-02-21-21-29-43.jpeg)
এই পৰিপ্ৰেক্ষিতত আজি সভাৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যালয়, গুৱাহাটী কাৰ্যালয়, আঞ্চলিক কাৰ্যালয়, জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাসমূহৰ তৰফৰ পৰা পৃথকে পৃথকে অসমৰ জিলা আয়ুক্তসকলৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ে যে, অসমীয়া ভাষা আৰু সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত অত্যন্ত সংবেদনশীল এই আইনখন সঠিকভাৱে ৰূপায়ণৰ বাবে বাস্তৱসন্মত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে।
ইফালে, যোৰহাটত সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এটি প্ৰতিনিধিদলে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত মগেন নৰহৰ যোগেদি চৰকাৰলৈ পত্ৰ প্ৰদান কৰে। এই দলত সভাৰ ধনভৰালী মণিৰাম লাহন, আইন উপদেষ্টা জয়ন্ত দেৱ শৰ্মা, কেন্দ্ৰীয় কাৰ্যালয়ৰ সচিব অশোক সেনাপতি, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ৰাতুল চন্দ্ৰ বৰা আৰু কৰ্মচাৰী ড০ ৰাজশ্ৰী হাজৰিকা আদি উপস্থিত আছিল।
আনহাতে, তিনিচুকীয়া, ধেমাজি, নলবাৰী প্ৰমুখ্যে অধিকাংশ জিলাতো কেন্দ্ৰীয় আৰু জিলা বিষয়ববীয়াসকলৰ নেতৃত্বত একেই ধৰণৰ কাৰ্যসূচী সুকলমে সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us