তবলিগি জামাতৰে জড়িত ৯৬০গৰাকী বিদেশী নাগৰিকে ১০ বছৰলৈ প্ৰৱেশ কৰিব নোৱাৰে ভাৰতত…

তবলিগি জামাতৰে জড়িত ৯৬০গৰাকী বিদেশী নাগৰিকে ১০ বছৰলৈ প্ৰৱেশ কৰিব নোৱাৰে ভাৰতত…

ডিজিটেল ডেস্কঃ দিল্লীৰ তবলিগি জামাতৰ ধৰ্মীয় সভাত উপস্থিত থকা ৯৬০গৰাকী বিদেশী নাগৰিকক ভাৰতলৈ অহাৰ অনুমতি ১০ বছৰৰ বাবে বাতিল কৰা হৈছে। কেন্দ্ৰ চৰকাৰৰ এক সূত্ৰ অনুসৰি, এই কেইগৰাকী বিদেশী নাগৰিকক পূৰ্বতেই ব্লেকলিষ্ট কৰা হৈছে। তেওঁলোক টুৰিষ্ট ভিজাত ভাৰতলৈ আহিছিল।

উল্লেখ্য যে, দেশত এপ্ৰিল মাহত কোৰোনা ভাইৰাছৰ সংক্ৰমিত হোৱা সকলৰ ভিতৰত সৰহ সংখ্যক আছিল দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতৰে জড়িত লোক। উল্লেখ্য যে, চৰকাৰী সংস্থাসমূহে তদন্তত পাই যে, দেশৰ প্ৰায় ২০খন ৰাজ্যত তবলিগি জামাতৰে জড়িত ৯সহস্ৰাধিক লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in