পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল ৯০ বছৰীয়া পিতৃৰ…

পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল ৯০ বছৰীয়া পিতৃৰ…

ডিজিটেল সংবাদ নগাঁও : নিজ পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৷ ৯০ বছৰীয়া পিতৃ ইমান আলিক পুত্ৰই লাঠিৰে প্ৰহাৰ কৰাৰ বাবে মঙ্গল বাৰৰ নিশা চিকিৎসাধীন অৱস্হাত মৃত্যুক সাৱতি লয় ৷ বুধবাৰে মৃত ইমান আলিৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজি দিয়া হয় ৷

এই ঘটনাটি সংঘটিত হৈছে ৰূপহীহাট থানাৰ অন্তৰগৰ্ত নাঙলধোৱাত ৷ ইমান আলিৰ পুত্ৰ ইব্ৰাহিম আলিয়ে পিতৃক সম্পত্তি বিচাৰি কাজিয়াত লিপ্ত হৈছিল ৷ এই কাজিয়াৰ মাজতে ৯০ বছৰীয়া ইমান আলিক লাঠিৰে প্ৰহাৰ কৰে পুত্ৰ ইব্ৰাহিম আলীয়ে ৷

পিতৃক মাৰধৰ কৰাৰ পিছত অচেতন অৱস্হাত পেলাই থৈ যোৱাত পৰিয়ালৰ আন লোকে বৃদ্ধ ইমানক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসাধীন অৱস্হাত মঙ্গলবাৰে নিশা মৃত্যুক সাৱতি লয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in