অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে ৯জনীয়া বিশেষ কমিটি গঠন

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ কমিটি গঠন কৰি দায়িত্বভাৰ অৰ্পন কৰিছে। কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই বিশেষ কমিটিখনত ৯ জন বিশেষ ব্যক্তিত অন্তৰ্ভূ্ক্ত কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এই বিশেষ কমিটিখনত বিশিষ্ট সাহিত্যিক নগেন শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱা, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, মদন প্ৰসাদ বেজবৰুৱা, শিক্ষাবিদ ড০ মুকুন্দ ৰাজবংশী, মহাধিবক্তা ৰমেশ বৰপাত্ৰগোঁহাইক অন্তৰ্ভূক্ত কৰা হৈছে।

ইয়াৰ উপৰিও বিশেষ কমিটিখনত এজন আছুৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এজন প্ৰতিনিধিও থাকিব। এই ৯ জনীয়া বিশেষ কমিটিখনে ৬ মাহৰ ভিতৰত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি নিৰ্দেশ দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in