শিৱসাগৰত আৰম্ভ হ’ল ‘অসম জ্যেষ্ঠ নাগৰিক সন্মিলন’ৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন

শিৱসাগৰত আৰম্ভ হ’ল ‘অসম জ্যেষ্ঠ নাগৰিক সন্মিলন’ৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসমৰ ২৫ লক্ষ জ্যেষ্ঠ নাগৰিকৰ কল্যাণাৰ্থে ২০০৩ চনত প্ৰতিষ্ঠা লাভ কৰা আৰু বৰ্তমান ২৭০ টাৰো অধিক শাখাসহ প্ৰায় ৩০ হাজাৰৰো অধিক সদস্যৰে পৰিপূৰ্ণ "অসম জেষ্ঠ নাগৰিক সন্মিলন"ৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনখনি শণিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ নগৰত৷

স্থানীয় মিলন মন্দিৰত অনুষ্ঠিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰথম দিনা পুৱা প্ৰতিনিধি পঞ্জীয়ন, পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু আদৰণি অনুষ্ঠানৰ পাছতে আৰম্ভ হোৱা প্ৰতিনিধি সভাখনি উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত ডা০ এছ লক্ষ্মাননে৷ ৰাজ্যখনৰ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা অধিবেশনৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰিব৷

দেওবাৰে পুৱা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জেষ্ঠ নাগৰিক সকলৰ এক বৰ্ণিল শোভাযাত্ৰাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হ'ব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in