শেহতীয়া খবৰ
হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান...  •  বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...

৭২ সংখ্যক সেনা দিৱসত কি ক’লে সেনা মুৰব্বী মনোজ মুকুণ্ড নাৰৱানে…

134

ডিজিটেল ডেস্কঃ বুধবাৰে পালন কৰা হয় ৭২ সংখ্যক সেনা দিৱস। ১৯৪৯চনৰ ১৫ জানুৱাৰীত জেনেৰেল কে এম কৰিয়াপ্পাই প্ৰথমবাৰলৈ ভাৰতীয় স্থল সেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পূৰ্বে এই পদত ব্ৰিটিছ সেনা বিষয়াই পালন কৰিছিল এই দায়িত্ব। জেনেৰেল কে এম কৰিয়াপ্পা ব্ৰিটিছ কমাণ্ডাৰ জেনেৰেল ছাৰ ফ্ৰান্সিছ ৰ’বাৰ্ট ৰায় বুসৰ পৰা গ্ৰহণ কৰিছিল এই দায়িত্ব।

উল্লেখ্য যে, ছাৰ ফ্ৰান্সিছ আছিল অন্তিমজন কমাণ্ডাৰ ইন চীফ। তেওঁ ১ জানুৱাৰী, ১৯৪৮ৰ পৰা ১৫ জানুৱাৰী ১৯৪৯লৈ কমাণ্ডাৰ ইন চীফৰ দায়িত্বত আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ব্ৰিটিছ সেনা বিষয়াগৰাকীয়েই আছিল পদত। জেনেৰেল কৰিয়াপ্পাই আৰ্মী চীফৰ দায়িত্ব লোৱাৰ পূৰ্বে এই পদত দুজন ব্ৰিটিছ বিষয়াই দায়িত্ব পালন কৰিছিল।

आर्मी चीफ बोले- अनुच्छेद 370 हटाया जाना ऐतिहासिक कदम, इससे J&K को मुख्य धारा से जुड़ने में मदद मिलेगी

৭২ সংখ্যক সেনা দিৱসত আৰ্মী চীফ মনোজ মুকুণ্ড নাৰৱানে কয় যে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাতো এক ঐতিহাসিক পদক্ষেপ। ইয়াৰ দ্বাৰা জম্মু-কাশ্মীৰক মুখ্য ধাৰাৰ সৈতে সংযোগ কৰাত সহায় হ’ব। লগতে তেওঁ কয়- সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি সকলো ধৰণৰ চেষ্টা কৰিম। সেনা জোৱানসকল বহু সমস্যাৰ মাজতো নিজৰ দায়িত্ব পালন কৰি আছে। কিন্তু তেওঁলোকৰ স্থান প্ৰতিজন দেশবাসীৰ হৃদয়ত আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি