মৰাণছিগা- বাইলুং গাঁৱত ৮২ খন অবৈধ সুৰা বিপনীক লৈ প্ৰতিক্ৰিয়া, ক্ষুব্ধ গাঁওবাসী…

মৰাণছিগা- বাইলুং গাঁৱত ৮২ খন অবৈধ সুৰা বিপনীক লৈ প্ৰতিক্ৰিয়া, ক্ষুব্ধ গাঁওবাসী…

ডিজিটেল সংবাদ,নামতি : অবৈধ সুৰাৰ ঘাটিত পৰিণত শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ জাঁজী মৰাণছিগা – বাইলুং গাঁৱৰ লগতে অৰ্দ্ধশতাধিক গাঁও। মৰাণছিগা- বাইলুং গাঁৱৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ ৮২ খনকৈ অবৈধ সুৰা বিপনীৰ গ্ৰাসত পৰি প্ৰজন্মৰ পাছত প্ৰজন্ম ধ্বংস হোৱাৰ উপক্ৰম হৈছে। খোদ চৰকাৰী গাঁওবুঢ়াই আবকাৰী বিভাগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে।আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ কমিছনৰ অংকতে মৰাণছিগা- বাইলুং গাঁও আদিত কাঠফুলা গজাৰ দৰে গঢ়ি উঠিছে অবৈধ সুৰাৰ দোকান।

ইফালে ৮২ খন অবৈধ সুৰাৰ দোকানে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ সময়তে অঞ্চলটোত চৰকাৰে পুনৰ দেশীয় সুৰাৰ মহল খোলাৰ বাবে শইকীয়া উপাধিৰ এজন ব্যক্তিক অনুজ্ঞাপত্ৰ দিয়া ঘটনাত ক্ষুব্ধ গাঁও দুখনৰ মহিলা সমাজ । অঞ্চলটোৰ ২ শতাধিক মহিলাই মঙলবাৰে মৰাণছিগা ৰাজহুৱা প্ৰেক্ষাগৃহত অবৈধ সুৰাৰ বিৰোদ্ধে ৰাজহুৱা সভাৰ আয়োজন কৰি দেশীয় সুৰাৰ বিপনীখন অঞ্চলটোৰ পৰা স্থানান্তৰৰ দাবী উত্থাপন কৰাৰ লগতে অঞ্চলটোৰ অবৈধ সুৰা ব্যৱসায়ী সকলক ব্যৱসায় বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে । অন্যথা মহিলা সমাজে নিজাববীয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ মহিলা সমাজৰ ।

আনহাতে বৃহত্তৰ অঞ্চলটোৰ যুৱ সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দিব পৰা আৰু সামাজিক পৰিৱেশ বিনষ্টকাৰী দেশীয় সুৰাৰ বিপনী গাঁৱৰ মাজত খোলাৰ আবন্টনৰ বাবে হাতীঘূলি গাঁও পঞ্চায়ত সভানেত্ৰী অপৰূপা শইকীয়াই আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰা বিষয়টোত প্ৰতিক্ৰিয়া ৰাইজৰ । গাঁওবাসীৰ এনে প্ৰতিবাদৰ পিছত শিৱসাগৰ জিলা প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ উঠিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in