১১টা মোবাইলেৰে চাইকেলত কি কৰে প’কেমন ককাই?

১১টা মোবাইলেৰে চাইকেলত কি কৰে প’কেমন ককাই?

ডিজিটেল ডেস্কঃ বয়স তেওঁৰ ৭০ বছৰ। চাইকেইল চলাই ঘূৰি ফুৰে চহৰখনৰ প্ৰতিটো চুক-কোণ। এনে লোক সমগ্ৰ পৃথিৱীতে অজস্ৰজন আছে। পিছে এই লোকজনৰ কাহিনী ইয়াতে শেষ নহয়। চাইকেল চলাই নগৰ-চহৰ ঘূৰি ফুৰা অসংখ্যাজন বয়োবৃদ্ধ লোক থাকিলেও এনে লোক হয়তো দ্বিতীয়জন নোলাব যিজন লোকৰ চাইকেলৰ হেণ্ডেলত ওলমি থাকে ১১টাকৈ মোবাইল ফোন।

ডেকা ল'ৰা হ'লে কথা সুকীয়া আছিল। পিছে ইমান বয়সীয়াল লোকজনকনো ১১টাকৈ মোবাইল কেলেই, তাকো চাইকেলৰ হেণ্ডেলত ওলমাই লৈ ঘূৰি ফুৰিবলৈ। কাৰণ নিশ্চয় আছে। আহকচোনে জানি লও ১১ টা মোবাইল চাইকেলত ওলমাই লৈ লোকজনে কি কৰে? শুনি আচৰিত হ'ব যে এই মোবাইলবোৰেৰে তেওঁ কালৈকো ফোন নকৰে। গেম খেলিবৰ বাবেহে এনেদৰে মোবাইলবোৰ চাইকেলত কঢ়িয়াই ফুৰে ছিংগাপুৰৰ এইজন ৭০ বৰ্ষীয় ককাই।

গেমো আকৌ এলাপেছা নহয়। ছেন ছান য়ুৱান নামৰ এইজন ককাই খেলি ভাল পায় প'কেমন গো গেম। এটা মোবাইলৰ বেটাৰী ছাৰ্জ নাইকিয়া হ'লে আন এটা মোবাইলত আৰম্ভ কৰে খেল। সেয়ে এনেদৰে চাইকেলত ইমানবোৰ ফোন লৈ ঘূৰি ফুৰে পেছাত ফেংছ্যুই বিশেষজ্ঞ য়ুৱানে। চাইকেলত ফোন কঢ়িয়াই প'কেমন গো খেলা যুৱান সমগ্ৰ টাইৱানতে জনপ্ৰিয় হৈ পৰিছে। টাইৱানৰ প্ৰতিজন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে য়ুৱানক 'হাৰ্ডক'ৰ প'কেমন হাণ্টাৰ গ্ৰেণ্ড পা' বুলিয়েই জানে। বহুতে তেওঁক মৰমতে প'কেমন আংকল নামো দিছে।

'নাতি ল'ৰাটোৱে মোক প'কেমন খেলিবলৈ শিকাইছে। এই খেল খেলিবলৈ বৰ মজা। ইয়াৰ জৰিয়তে মই বহু লোকৰ সৈতে সংযুক্ত হৈ থাকিব পাৰো। লগতে আলঝেইমাৰ তথা আন ভালেমান ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সমৰ্থ হৈছো।'- গ্ল'বেল টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে কয় প'কেমন আংকল যুৱানে।

উল্লেখ্য যে চীন, ছিংগাপুৰ আদি দেশত প'কেমন এতিয়াও যথেষ্ট জনপ্ৰিয় হৈয়েই আছে। ২০১৬ চনত মুকলি কৰা এই গেমবিধত সমগ্ৰ বিশ্বৰ কোটি কোটি লোকে  এতিয়ালৈকে অতি কমেও ১২ হাজাৰ কোটি  টকা খৰছ কৰিছে। আনহাতে প'কেমন খেলা লোকৰ সংখ্যাৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে পঞ্চম স্থানত আছে টাইৱান। এই পৰ্যন্ত টাইৱানত প'কেমনৰ বাবদ খৰছ হৈছে ভাৰতীয় হিচাপত প্ৰায় ৩৩১ কোটি টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in