দেওবাৰে ৭ খন চহৰত ঘোষনা কৰা হৈছে এদিনৰ বাবে লকডাউন…

দেওবাৰে ৭ খন চহৰত ঘোষনা কৰা হৈছে এদিনৰ বাবে লকডাউন…

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ । কোৰোনাৰ সংক্ৰমন ৰোধ কৰিবলৈ কঠোৰ হৈ পৰিছে প্ৰশাসন । মহাৰাষ্ট্ৰত কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ লগতে মধ্য প্ৰদেশতো বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ । কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ শিৱৰাজ সিং চৌহান চৰকাৰে ৭ খন চহৰত এদিনৰ বাবে লকডাউন ঘোষনা কৰিছে ।

মধ্যপ্ৰদেশৰ ভূপাল, ইন্দোৰ, জবলপুৰৰ লগতে বেতুল, ছিন্দৱাৰা, ৰটলম আৰু খাৰগোনেত লকডাউন ঘোষণা কৰে কৰে মধ্যপ্ৰদেশ চৰকাৰে। দেওবাৰে এদিনৰ বাবে লকডাউন ঘোষণা কৰা হয় চহৰ কেইখনত । ইফালে চৰকাৰে হোলী নিজ গৃহৰ ভিতৰতে পালন কৰিবলৈ আহ্বান জনাই মধ্যপ্ৰদেশ বাসীক।

মধ্যপ্ৰদেশ চৰকাৰে বিবাহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰী কৰিছে । বিবাহ অনুষ্ঠানত মাত্ৰ ৫০ জন লোকেহে অংশ গ্ৰহন কৰিব পৰিব লগতে অন্তোষ্টিক্ৰিয়াত মাত্ৰ ২০ জন মানুহে শ্মশানলৈ যাব পাৰিব বুলি এক নিৰ্দেশনা দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in