পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. কেৰালাৰ কোঝিকোডত ভয়ংকৰ বিমান দুৰ্ঘটনা, ১৮জনৰ মৃত্যু

কেৰালাৰ কোঝিকোডত বিমানবন্দৰৰ ৰানৱেত নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী বিমান। ডুবাইৰ পৰা কোঝিকোডলৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানখন পতিত হয় দুৰ্ঘটনাত। দুৰ্ঘটনাত ১৮জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তদুপৰি আহত হৈছে ১২৩জন যাত্ৰী।

২. এন আই এ বিশেষ আদালতত অখিল গগৈৰ জামিন নাকচ

কৃষক নেতা অখিল গগৈৰ জামিন নাকচ কৰিলে এন আই এ বিশেষ আদালতে। শুকুৰবাৰে কৃষক নেতাজনৰ জামিন আৱেদন নাকচ কৰা হয়। অখিল গগৈৰ অধিবক্তাই জানিবলৈ দিয়া মতে, এই ৰায়ৰ বিৰুদ্ধে অহা ৭ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব।

২. বিজেপিৰ নতুন মুখপাত্ৰ নিযুক্তি

বিজেপি অসম প্ৰদেশে ১৩জন নতুন মুখপাত্ৰ নিযুক্তি দিছে। কুইন ওজা, জানকী খাউণ্ড, বিশ্বৰূপ ভট্টাচাৰ্য, অশ্বিনী পাইট, ৰাম কৃষ্ণ ঘোষ, প্ৰমোদ স্বামী, মনোজ বৰুৱা, লক্ষ্য কোঁৱৰ, ফণী পাঠক, পবিত্ৰ মাৰ্ঘেৰিটা, সুভাষ দত্ত, হেমাংগ ঠাকুৰীয়া আৰু সুৰঞ্জন দত্তক নতুন মুখপাত্ৰ ৰূপে নিযুক্তি দিয়া কথা জানিবলৈ দিছে বিজেপি অসম প্ৰদেশে।

৩. কোৰোনাৰ পাছত এইবাৰ চীনত আন এক ভাইৰাছৰ উৎপত্তি

চীনত পুনৰ নতুন ভাইৰাছৰ উৎপত্ত। কোৰোনা ভাইৰাছতকৈও ভয়াবহ এই ভাইৰাছ। এবিধ বিশেষ কীটৰ দ্বাৰা বিয়পিছে ভাইৰাছবিধ। উক্ত ভাইৰাছৰ আক্ৰমণৰ ফলত চীনত ইতিমধ্যে ৭ জন লোকৰ মৃত্যুও ঘটিছে আৰু ৬০ জনতকৈ অধিক লোক আক্ৰান্ত হৈছে।

৪. কেৰালাত ধাৰাসাৰ বৃষ্টিপাত, বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে ভূমিস্খলন

কেৰালাত অব্যাহত আছে ভূমিস্খলনৰ ঘটনা। ৰাজ্যখনৰ ইডুক্কী জিলাৰ ৰাজামালাত সংঘটিত ভূমিস্খলনত তেৰজনকৈ লকো প্ৰাণ হেৰুৱাৰ বিপৰীতে বৰ্তমানলৈকে ৫৭ জনকৈ লোক সন্ধানহীন হৈ আছে। বৰ্তমানে উদ্ধাৰ অভিযান অব্যাহত আছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

৫. অসমত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ

শুকুৰবাৰে অসমত পুনৰ ২৬৭৯জনৰ লোকৰ দেহত ধৰা পৰে কোভিড-১৯। ইফালে, কোৰোনাত আক্ৰান্ত ১৫৮৫জন লোক হৈছে সুস্থ। উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ ৫৫৪৯৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোক সংখ্যা। আৰু মৃত্যু হৈছে ১৩২জনৰ।

৬. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন

উত্তৰ কাশ্মীৰৰ কুপৱাৰাত পুনৰ পাকিস্তানী সেনাৰ আক্ৰমণত আহত ভাৰতীয় নাগৰিক। পাকিস্তান এল অ চিত হোৱা ভাৰত-পাক সৈন্যৰ প্ৰচণ্ড গুলীাগুলীত আহত হৈছে ছয়জন ভাৰতীয় নাগৰিক। সেনাৰ সুত্ৰত প্ৰকাশ পোৱা অনুসৰি পাকিস্তানে তংগধাৰ আৰু ৰংগৱাৰ্ডত আক্ৰমণ সংঘটিত কৰিছিল।

৭. গুৱাহাটী মহানগৰীত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সৰ বৃহৎ অভিযান

মহানগৰীৰ শংকৰ পথত নিষিদ্ধ ড্রাগছৰ বিৰুদ্ধে ক্রাইম ব্রান্সৰ অভিযান। অভিযান কালত জব্দ কৰা হয় প্ৰায় ৫৭,৫০০ টকা নগদ ধন। তদুপৰি ১০ লাখ টকা মূল্যৰ মুঠ ১১ পেকেট ড্রাগছ উদ্ধাৰ। মীণা কুমাৰী নামৰ এগৰাকী মহিলাৰ পৰা উদ্ধাৰ ড্রাগছখিনি। ড্রাগছ সৰবৰাহত জড়িত আছিল মহিলাগৰাকী।

৮. অচিৰেই জম্মু-কাশ্মীৰত ৪ জি ইন্টাৰনেট সেৱা

অচিৰেই জম্মু-কাশ্মীৰত আৰম্ভ হ'ব পাৰে ৪জি ইন্টাৰনেট সেৱা। এই সন্দৰ্ভত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ পৰা বিচাৰিছে উত্তৰ । জম্মু-কাশ্মীৰৰ একাংশ এলেকাত ৪জি ইন্টাৰনেট সেৱা আৰম্ভ কৰিব পৰা হয় নেকি? বুলি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক কৰিছে প্ৰশান। এই বিষয়ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অহা মঙলবাৰে অন্তিম শুনানি গ্ৰহণ কৰিব।

৯. মধ্যপ্ৰদেশত আৰক্ষীৰ বৰ্বৰতা! চুলিত ধৰি প্ৰহাৰ এজন যুৱকক

মধ্যপ্ৰদেশৰ বড়ৱানীৰ পলছুদত আৰক্ষীৰ এজন লোকে বৰ্বৰভাৱে প্ৰহাৰ কৰে প্ৰেম সিং গ্ৰন্থী নামৰ এজন যুৱকক। পথৰ কাষত চাহৰ দোকান খোলাৰ বাবেই আৰক্ষীৰ লোকজনে শিখ ধৰ্মৰ যুৱকজনৰ পাগুৰি ঘুৰি চুলিত ধৰি পথত বগৰাই প্ৰহাৰ কৰে। এই সমগ্ৰ ঘটনাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

১০. অষ্ট্ৰেলিয়াত ২০২২ত হ'ব ২০২০ৰ টি-২০ বিশ্বকাপ

আইচিচিৰ গুৰুত্বপূৰ্ণ বৈঠক। আইচিচিয়ে এক বিজ্ঞপ্তিযোগে জনাই যে, কোৰোনা মহামাৰীৰ কাৰণে ২০২০ৰ টি-২০ বিশ্বকাপ অষ্ট্ৰেলিয়াত ২০২২চনতে আয়োজিত কৰা হ'ব। ভাৰতত টি-২০ বিশ্বকাপ ২০২১চনত পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰিয়েই আয়োজিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in