শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানত ইজৰাইলৰ ৰাষ্ট্ৰদূত ড° ৰ’ন মালকা…

শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানত ইজৰাইলৰ ৰাষ্ট্ৰদূত ড° ৰ’ন মালকা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ বুধবাৰে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচন আৰু গুৱাহাটী ৰয়েল গ্ল'ৱেল ইউনিভাৰ্চিটীৰ উদ্যোগত ষষ্ঠবাৰৰ বাবে আয়োজন কৰা শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতস্থ ইজৰাইলী ৰাষ্ট্ৰদূত ড° ৰ'ন মালকা। 'ইজৰাইলৰ অৰ্থনীতি আৰু ভাৰত ইজৰাইলৰ দ্বিপাক্ষিক সম্পৰ্ক: অতীত, বৰ্তমান, ভৱিষ্যৎ' শীৰ্ষক বিষয়ত বক্তৃত্বা প্ৰদান কৰি ইজৰাইলী ৰাষ্ট্ৰদূত তথা অৰ্থনীতি আৰু বাণিজ্য প্ৰশাসন বিষয়ত পি এইচ ডি ডিগ্ৰীধাৰী মালকাই কয় যে, শেহতীয়াভাৱে ভাৰত-ইজৰাইলৰ দ্বিপাক্ষিক সৰ্ম্পক দ্ৰুত গতিত উত্তৰণৰ দিশত আগবাঢ়িছে আৰু এই সৰ্ম্পক বাণিজ্য তথা নিৰাপত্তাৰ লগতে শক্তি, স্বাহ্য, তেল আৰু গেছ, মহাকাশ অভিযান, ঔদ্যোগিক গৱেষণা আৰু উন্নয়ণ, পৰ্যটন, জল সুৰক্ষা, চাইবাৰ সুৰক্ষা আদি দিশলৈও সম্প্ৰসাৰিত হৈছে।'

তদুপৰি দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত আৰু ইজৰাইল ভ্ৰমণৰ কাৰ্যসূচীয়েও অনাগত দিনতবোৰত দুয়োখন দেশৰ দ্বিপাক্ষিক সৰ্ম্পক আৰু অধিক কটকটীয়া আৰু শক্তিশালী হৈ উঠিব বুলি ৰাষ্ট্ৰদূত গৰাকীয়ে আশা প্ৰকাশ কৰে। অধ্যাপিকা উপাসনা মহন্তই আত ধৰা উক্ত বক্তৃতানুষ্ঠানটি মাংগলিক বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ বিত্ত, স্বাহ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানটোত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ বিজয়া চক্ৰৱতী, গুৱাহাটী উন্নয়ণ প্ৰাধিকৰণৰ অধ্যক্ষ অশোক সিংঘাল আৰু জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভুঞা । অধ্যাপক শৰৎ মহন্তৰ সহধৰ্মিনী মীনা মহন্তই অভ্যাগতসকলক আদৰণি জনোৱাৰ পিছতে জনপ্ৰিয় সংগীত শিল্পী জুৱলী বৰুৱাই এফাঁকি প্ৰাৰ্থনাৰে অনুষ্ঠানটি অধিক গাভীৰ্যপূৰ্ণ কৰি তোলে।

অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰি অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ অধ্যক্ষ বিশিষ্ট সাংবাদিক,লেখক, মানৱাধিকাৰ কৰ্মী অজিত কুমাৰ ভূঞাই অধ্যাপক শৰৎ মহন্তৰ দৰে জ্ঞানী-গুণী-স্থিতপ্ৰজ্ঞ ব্যক্তিৰ সান্নিধ্য লাভ কৰি যথেষ্ট উপকৃত হৈছে বুলি মতপোষণ কৰে।

অনুষ্ঠানটোত উপস্থিত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ এনে উল্লেখনীয় বৌদ্ধিক প্ৰয়াসৰ প্ৰশংসা কৰাৰ লগতে এনে ধৰণৰ প্ৰচেষ্টাই বিদ্যায়তনিক দিশতো প্ৰভূত অৱদান যোগাব পাৰিব বুলি আশা প্ৰকাশ কৰে।  উল্লেখ্য যে, এই গাভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম চৰকাৰৰ উচ্চ পদস্থ কেইবাগৰাকীও বিষয়া উপস্থিত থকাৰ উপৰি শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু সংবাদ ক্ষেত্ৰৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in