৬ জনগোষ্ঠীৰ জনজাতিকৰণ, দিল্লীত অনুষ্ঠিত বৈঠকত ওলাল স্বৰূপ

৬ জনগোষ্ঠীৰ জনজাতিকৰণ, দিল্লীত অনুষ্ঠিত বৈঠকত ওলাল স্বৰূপ

ডিজিটেল ডেস্কঃ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দিল্লীয়ে কৰা কৌশলপূৰ্ণ ঘোষণাৰ প্ৰকৃত ৰূপটো আজি দিল্লীত অনুষ্ঠিত বৈঠকৰ পিছত লাহে লাহে পৰিস্ফূত হৈছে। উল্লেখ যোগ্য যে আজি বয়লি ৪.৩০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দন ব্ৰহ্ম আৰু সাংসদ বিশ্বজিৎ দৈমাৰীও উপস্থিত থাকে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কৰা ঘোষণাৰ বিষয়ে আলোচিত বৈঠকত অহা ২-৩ দিনৰ ভিতৰত অসমত এখন মন্ত্ৰী পৰ্যায়ৰ সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়।

বৈঠকখনত মন্ত্ৰীগোটৰ এই সমিতিখনে বৰ্তমানে ৰাজ্যখনত জনজাতিৰ অধিকাৰ তথা সা-সুবিধাৰ ব্যৱস্থা সুৰক্ষিত ৰাখি প্ৰস্তাৱিত নতুন ৬টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু ইয়াৰ সুবিধা কিদৰে দিব পাৰি সেই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিব বুলিও সিদ্ধান্ত লোৱা হয়। কিয়নো অসমত ৩ প্ৰকাৰৰ জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা তথা ইয়াৰ সংৰক্ষণ আৰু সা-সুবিধা লাভ কৰি আহিছে। সেইসকল হ'ল- ভৈয়াম জনজাতি, পাৰ্বত্য জনজাতি আৰু অন্যান্য প্ৰকাৰৰ জনজাতি। আনহাতে ভাৰতৰ সংবিধানে এইসকলৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ নিৰ্দিষ্ট সুবিধা প্ৰদান কৰি থৈছে। তেনে ক্ষেত্ৰত জনজাতিৰ বাবে পূৰ্ব নিৰ্ধাৰিত সংৰক্ষণৰ অংশৰ যোগ বিয়োগ নকৰাকৈ নতুন জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোৱে বৰ্তমানৰ সংৰক্ষণৰ সা-সুবিধা লাভ কৰা জনজাতিসকলক তেওঁলোকৰ সংৰক্ষণৰ অংশৰ হীন দেৰি হোৱাৰ আশংকা কৰিয়েই দীৰ্ঘদিন ধৰি এই জনজাতিসকলে নতুন জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে।

এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰে পৰা দাবী উত্থাপন কৰি অহা ৬টা জনগোষ্ঠীক নতুনকৈ জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বাবে আইন প্ৰণয়ন কৰা হ'ব বুলি কৰা ঘোষণাই পূৰ্বৰে পৰা জনজাতিৰ মৰ্যাদা আৰু সুবিধা ভোগ কৰি অহা লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাই নহয় কালি জনজাতিসকলৰ সমন্বয়ৰক্ষী সমিতিয়ে অসম বন্ধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰে। কিয়নো সংবিধানৰ বৰ্তমানৰ সংৰক্ষণ ব্যৱস্থা অনুযায়ী নতুন কোনো জনগোষ্ঠীকেই জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ হ'লে বৰ্তমানলৈকে যিসকলে জনজাতিৰ বাবে সংৰক্ষণৰ সুবিধা ভোগ কৰি আহিছে, সেই সুবিধাসমূহৰ সংৰক্ষণৰ অংশ কৰ্তন কৰিবলগা হোৱাটো অনিবাৰ্য।

এনে প্ৰেক্ষাপটতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যোৱা অসমৰ প্ৰতিনিধি দলটোৰ সৈতে আজিৰ আলোচনা অনুষ্ঠিত হয় যদিও কোনো ম'ডেলিটি প্ৰস্তুত নকৰাকৈয়ে চৰকাৰে ৬ জনগোষ্ঠীক জনজাতি হিচাপে ঘোষণা কৰাৰ বাবে আইন প্ৰণয়ন কৰা হ'ব বুলি ক'লেও গোটেই বিষয়টো আজিৰ আলোচনাৰ মাজেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰলৈ পুনৰ ঠেলি দিলে। লগে লগে এই কথাও স্পষ্ট হৈ পৰে যে দৰাচলতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা পৰিস্থিতি শাম কটোৱাৰ লগতে সকলো জনগোষ্ঠী এক হৈ অসমত আৰম্ভ কৰা উক্ত আইনৰ বিৰুদ্ধে চলোৱা আন্দোলনক বিভাজিত কৰাৰ লক্ষ্যৰেই ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত চৰকাৰ এই বিষয়ে এখোজো আগবঢ়া নাছিল।

সেয়ে আজি দিল্লীৰ আলোচনাত কেনেদৰে পূৰ্বৰ জনজাতিসকলৰ সংৰক্ষণ সুৰক্ষিত ৰাখি নতুনকৈ ৬টাকৈ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা আৰু সুবিধা প্ৰদান কৰিব পৰা যাব, তাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ দায়িত্বও অতি কৌশলপূৰ্ণভাৱে কেন্দ্ৰই পুনৰ অসম চৰকাৰলৈ ঠেলি দিলে। একেই ৰাজনীতি ইতিপূৰ্বেও কংগ্ৰেছ চৰকাৰৰ আমোলত চলিছিল আৰু ৰাজ্য চৰকাৰে বাৰে বাৰে এই জনগোষ্ঠাকেইটাক জনজাতিকৰণৰ আশা দেখুৱাই প্ৰতাৰণা কৰিছিল। আজি দিল্লীত গ্ৰহণ কৰা সিদ্ধান্তই নতুন কোনো কাৰ্যকৰী পদক্ষেপৰ আৰ্হি দেখুৱাব নোৱাৰিলে। অৱশ্যে আজিৰ সিদ্ধান্তক ট্ৰাইবেল সংঘ তথা সদৌ জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in