ধেমাজিত আৰু ৬ জনৰ দেহত ধৰা পৰিছে কভিড-১৯ৰ উপস্থিতি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাখনৰ ১১ টা কোৱাৰেন্টাইন কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা ঘূৰি অহা সকলৰ ভিতৰত বুধবাৰলৈকে ১৯ জনৰ দেহত কভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ইয়াৰে অৱেশ্যে বুধবাৰলৈকে চিলাপথাৰ অকাজানৰ কপিল দাস, চিমেনচাপৰি ৰাজু চুংক্ৰাং আৰু শ্ৰীপানীৰ সুভাষ দেউৰীৰ সৈতে তিনি গৰাকী লোকৰ দুবাৰকৈ পৰীক্ষাৰ ৰিৰ্পট নিগেটিভ হোৱাৰ লগতে সুস্থ হোৱা বাবে কভিড-১৯ৰ চিকিৎসাধীন তিনিজনকে ধেমাজি অসামৰিক চিকিৎসালয়ে ৰিলিজ কৰি দিছিল।

কিন্তু বৃহস্পতিবাৰে নতুনকৈ ৬ গৰাকীৰ ব্যক্তিৰ শৰীৰত কোভিদ-১৯ পজিটিভ ধৰা পৰিছে ৷ বহিঃৰাজ্যৰ পৰা আহি ধেমাজি ইঞ্জিনীয়াৰিং কলেজত কোৱাৰাইন্টাইনত চিনাক্ত লোক কেইজন হৈছে- জোনাই কবু চাপৰিৰ ভৰত সিং আৰু ৰমেশ যাদৱ, শ্ৰীপানীৰ মুনু দেউৰী, গোগামুখৰ সোনেশ্বৰ পেগু, যোৰকটা লোটাছুৰৰ তিলক লাগাছু আৰু ধেমাজিৰ খলিহামাৰি বৰমুথনীৰ যতীন্দ্ৰ বৰুৱা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in