বটদ্ৰৱা দৌল মন্দিৰৰ ঘূনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন…

বটদ্ৰৱা দৌল মন্দিৰৰ ঘূনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ,নগাওঁ : দেওবাৰে শিল্পী দিৱসৰ দিনা নগাঁও জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ দৌল মন্দিৰত থকা ভাস্কৰ্য শিল্পী ৰাজীৱ মহন্তৰ একক প্ৰচেষ্টাৰে গঢ় লৈ উঠা ঘূনূচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয় ৫ ম বাৰ্ষিক দিৱস পালন কৰে ।

পূৱা তিনিও কালৰ মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যপৰ্ন আৰু বন্তি প্ৰজ্বলন কৰে বট্ৰদৱা থান পৰিচালনা সমিতিৰ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই।পতাকা উত্তোলন কৰে সভাপতি নৰেন‌ বৰুৱাই ।‌ ৫ম ঘূনূচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয় প্ৰতিষ্ঠা দিবসৰ শলগুৰি সত্ৰৰ ডম্বৰু গায়নে সভাপতিত্ব কৰা সভা অনুষ্ঠিত হয়। উক্ত গাম্ভীৰ্য্যপূৰ্ন অনুষ্ঠানত থান পৰিচালনা সমিতিৰ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, শলগুৰি সত্ৰৰ ডেকা অধিকাৰ উপেন মহন্ত, সমাজকৰ্মী নিতুমনি গোস্বামী, নগাঁও প্ৰেছ ক্লাবৰ সম্পাদক চন্দনজোত্যি বৰা আদি কৰি কেইবাজনো গন্যমান্য ব্যক্তিৱে সুন্দৰ ব্যক্তব্য প্ৰদান কৰে।

সভাৰ আৰম্ভণিতে লক্ষধৰ তালুকদাৰে সুন্দৰ বৰগীত পৰিবেশন কৰে । ৫ ম ঘূনূছাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয় দিনা ভাষ্কৰ্য্য শিল্পী চতিয়াৰ মনজিৎ হাজৰিকা, ভাৰত গৌৰৱ প্ৰাপ্ত গজেন ৰাজখোৱা,অসম গৌৰৱ প্ৰাপ্ত নৰেন ডেকা, চিত্ৰ শিল্পী ধ্ৰুৱজ্যোতি শৰ্মা,কুহিলা শিল্পী শিশুৰাম নামলগুৱা, সমাজকৰ্মী বিশ্বজিৎ মহন্ত,গিতিকাৰ,সুৰকাৰ, নাট্যকাৰ ও গায়ক ক্ৰমে দিপান্কৰ দেৱ গোস্বামী, তৰুণ শ‌ইকীয়া ,জিতু শ্ৰাৱন সহ প্ৰায় ৩০গৰাকীক এখন ফুলাম গামোচা, এখন অভিনন্দন/সম্বধৰ্না পত্ৰ, নিজ হাতেৰে তৈয়াৰ কৰা সুন্দৰ শৰাই , নিজে তৈয়াৰ কৰা অসমৰ প্ৰতীক চিহ্ন গড়, আদিৰে সকলোকে সন্মানিত কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in