শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

চীনৰ আন এক চমক, বিমানবন্দৰত আৰম্ভ ৫ জি সেৱা

665

ডিজিটেল ডেস্কঃ প্ৰযুক্তিবিদ্যাৰ ন ন চমকেৰেহ প্ৰতিদিনেই যেন বিশ্ববাসীক আচৰিত কৰাটো চীনৰ এটা অন্যতম কাম। কৃত্ৰিম চন্দ্ৰ আৱিষ্কাৰৰ পৰা আদি কৰি বিশাল পৰ্বত ভেদি দলং নিৰ্মাণ কৰালৈকে সকলোবোৰ অসম্ভৱ কামকো সম্ভৱ কৰি তুলিছে চীনে। শেহতীয়াকৈ চীনে বিশ্ববাসীক দিলে অন্য এক চমক। দক্ষিণ চীনৰ গুৱাঞ্জ’হ বিমান বন্দৰত সংযোগ কৰা হ’ল ৫ জি সেৱা।

দেশৰ ভিতৰত এই সেৱা উপলদ্ধ প্ৰথমটো বিমান বন্দৰ হিচাপে স্বীকৃতি পালে এই বিমান বন্দৰটোৱে। চীনৰ এক সংবাদমাধ্যমৰ খবৰ অনুসৰি এই সেৱা উপলদ্ধৰ পাছত পূৰ্বৰ ৪ জি সেৱাতকৈ ৫০ গুণ অধিক স্পীডত চলিব ইন্টাৰনেট। উল্লেখ্য যে, গুৱাঞ্জ’হ বিমান বন্দৰটো দক্ষিণ চীনৰ এটা প্ৰধান বিমান বন্দৰ। প্ৰতিদিনে ৯০ৰো অধিক আন্তৰাষ্ট্ৰীয়-ৰাষ্ট্ৰীয় বিমান অহা-যোৱা কৰে এই বিমান বন্দৰটোৰ পৰা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি