তিতাবৰ সমষ্টিত ২ বজালৈ ৫৭ শতাংশ ভোটদান….

তিতাবৰ সমষ্টিত ২ বজালৈ ৫৭ শতাংশ ভোটদান….

ডিজিটেল সংবাদ বেকাজান : অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ হোৱা আজি নিৰ্বাচনত ১০০ নং তিতাবৰ বিধানসভা সমষ্টিত দিনৰ ২ বজালৈ প্ৰায় ৫৭ % ভোটদান হৈছে । পুৱা ৭ বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হয় । বৰহোলা আৰু ৰাইডাংজুৰি কিছু ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিনত কাৰিকৰী বিসংগতি হৈছিল যদিও পিছত সকলো সুকলমে চলে ।

উল্লেখযোগ্য যে তিতাবৰ সমষ্টিত ১ লাখ ৫৪ হাজাৰ ৫৪০ গৰাকীৰ ভোটাৰ আছে । তিতাবৰ সমষ্টিত ২২৭ টা কেন্দ্ৰত ভোটাৰে সম্পূৰ্ণ কোভিড প্ৰট'কল মানি নিৰ্বাচন চলি আছে । তিতাবৰ সমষ্টিত মুঠ চাৰি গৰাকী প্ৰাৰ্থী য়ে প্ৰতিদ্বন্দিতা কৰিছে যদিও মূল যুজঁখন কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in