যশোৱন্তগড় যুদ্ধৰ ৫৫ সংখ্যক বৰ্ষপূৰ্তি, ভাৰতীয় সেনাৰ গৌৰৱ যশোৱন্ত সিঙক স্মৰণ

যশোৱন্তগড় যুদ্ধৰ ৫৫ সংখ্যক বৰ্ষপূৰ্তি,  ভাৰতীয় সেনাৰ গৌৰৱ যশোৱন্ত সিঙক স্মৰণ

ডিজিটেল সংবাদ,ইটানগৰঃ ১৭ নৱেম্বৰ ৷ এই দিনটোতে ৫৬ বছৰ পূৰ্বে অৰুণাচল প্ৰদেশত ৰচিত হৈছিল এজন ভাৰতীয় বীৰ সেনাৰ দুঃসাহসীক বীৰ গাথাঁ ৷ চীনা সেনাই বুমলা আৰু লুমলা নামৰ ঠাই দুখনেৰে হেলাৰঙে টাৱাঙত প্ৰবেশ কৰিছিল কিছুদিন পূৰ্বে ৷ টাৱাং দখলৰ পাছত চীনা আগবাঢ়িছিল অসমৰ দিশে ৷ সেই সময়ত অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ সংখ্যা আৰু অস্ত্ৰ আজিৰ দৰে অত্যাধুনিক নাছিল ৷ চীনা সেনাৰ আক্ৰমণত ইতিমধ্যেই ধাৰাশায়ী হৈছিল টাৱাঙত থকা ভাৰতীয় সেনা ৷ সেই চীনা সেনাক প্ৰতিৰোধ কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছিল ৷ টাৱাং পাৰ হৈ চীনা সেনা পদব্ৰজে তেজপুৰৰ দিশে ধাবমান হৈছিল ৷ কিন্তু চীনা সেনাৰ বাবে সেই যাত্ৰা বৰ সুখকৰ নাছিল ৷ ডিৰাঙৰ পৰা পূবলৈ চেলা পাহাৰৰ টিঙত দেশ ৰক্ষাৰ পণ লৈ ৰৈ আছিল এজন ভাৰতীয় সেনা ৷

চীনা সেনা আহি চেলা পালেহি ৷ কিন্তু সেই অতন্দ্ৰ প্ৰহৰী আছিল নাচোৰ বান্দা ৷ লগত থকা সতীৰ্থ জোৱান ইতিমধ্যেই ৰণত প্ৰাণ হেৰুৱাইছিল ৷ কিন্ত সেই বীৰ সেনা জোৱানজনে চীনা সেনাক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল ৷ নবেম্বৰ মাহৰ প্ৰবল শীতকো নেওচি তিনিশৰো অধিক চীনা সেনাক অকলেই প্ৰতিৰোধ কৰিছিল সেই বীৰ সেনা জোৱানজনে ৷ তিনিদিন ধৰি চীনা সেনাক অকলেই চেলাৰ সিপাৰে প্ৰতিহত কৰিছিল তেওঁ ৷ তেওঁৰ সাহসিকতাৰ বাবেই থমকি ৰ'ব লগা হৈছিল চীনা সেনা বাহিনীৰ বিশাল পদাতিক বাহিনী ৷

পাহাৰৰ টিঙৰ পৰা চেলা পাছৰ সিপাৰে অৱস্থান গ্ৰহণ কৰা চীনা সেনাৰ বিৰুদ্ধে তিনিদিন ধৰি যুদ্ধ কৰা সেই বীৰ সেনা জোৱানজন আছিল যশোৱন্ত সিং ৷ ভাৰতীয় সেনা বাহিনীৰ চতুৰ্থ গোড়োৱাল ৰাইফলছৰ ৰাইফলমেন যশোৱন্ত সিঙৰ প্ৰতিৰোধৰ বাবেই অসমত চীনা সেনাৰ প্ৰৱেশত বিলম্ব হৈছিল ৷ কেৱল সেয়ে নহয়, শক্তিহীন বুলি ভাবি লোৱা ভাৰতীয় সেনাৰ বীৰত্বৰো উমান পাইছিল চীনা সেনাই ৷ চীনা সেনাই পাছত যশোৱন্ত সিঙৰ শিৰচ্ছেদ কৰিছিল ৷

কিন্তু তেওঁৰ বীৰত্বক সন্মাই জনাই বীৰ জোৱানজনৰ মৃত্যু হোৱাৰ পাছত সামৰিক মৰ্যদাৰে শেষ বিদায় জনাইছিল ৷ সেই তিনি দিনৰ যুদ্ধত যশোৱন্তক নিতৌ আহাৰ যোগান সহায় কৰিছিল চেলাৰ দুই সাহসী যুৱতি চেলা আৰু নুৰাঙে ৷ ৬২ৰ চীনা যুদ্ধত গাড়োৱাল ৰাইফলচৰ চীনা সেনাৰ লগত বেলেগ বেলেগ ঠাইত পাঁবাৰকৈ যুদ্ধ হৈছিল ৷ সেই যশোৱন্ত সিঙৰ বীৰত্বক সন্মান জনাই ভাৰতীয় সেনাই অৰুণাচলৰ চেলা পাছৰ সমীপত এটি স্মাৰক নিৰ্মাণ কৰে , যাক আজি সকলোৱে যশোৱন্ত গড় নামে চিনি পায় ৷

যশোৱন্ত সিঙৰ মৃত্যু হৈছিল যদিও ভাৰতীয় সেনা বাহিনীয়ে দীৰ্ঘদিন ধৰি তেওৰ চাকৰি নিয়মীয়া কৰি ৰাখিছিল ৷ নিয়মিত তেওঁক দৰমহা দিয়া হৈছিল ৷ সেই ধনেৰে টাৱাঙলৈ যোৱা পৰ্যটকক বিনামূলীয়াকৈ চাহ খুওৱা হৈছিল ৷ অৱশ্যে এতিয়া বিনামূলীয়া চাহ খুওৱা বন্ধ কৰি দিয়া হৈছে ৷ যশোৱন্ত গড়ৰ ওচৰৰ বাবা মন্দিৰত আজিও যশোৱন্ত সিঙক জীৱন্ত ৰূপ দি থৈছে প্ৰতীকী ৰূপত ৷ বহুতে কয় যে যশোৱন্ত সিঙক এতিয়াও চেলা পাছত দেখা পোৱা যায় ৷

চীনা যুগ্ধৰ ৫৬ বছৰ পাছতো ভাৰতীয় সেনাৰ গৌৰব যশোৱন্ত সিঙক অমৰ কৰি ৰাখিছে সেনা বাহিনীয়ে ৷ দৈনিক হেজাৰোধিক লোকে যশোৱন্ত সিঙৰ স্মৃতি স্থলত ক্ষন্তেক জিৰণি লৈ জোৱান জনলৈ শ্ৰদ্ধাঞ্জলী জনায় ৷ যশোৱন্ত সিঙৰ বিচনাখন আজিও তাত সংৰক্ষিত কৰি থোৱা আছে ৷ সেনা বাহিনীৰ মতে প্ৰতি নিশা যশোৱন্ত সিঙ সেই বিচনাত শুবলৈ আহে ৷ কাৰণ পুৱা বিচনাৰ কাপোৰ সদায় কোচ-মোচ খাই থকা অবস্থাত প্ৰত্যক্ষ কৰে কৰ্তব্যৰত জোৱান সকলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in