বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত পচিল বৰ্ন্যাতৰ বাবে অহা ৫০০ কুইন্টল চাউল…

বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত পচিল বৰ্ন্যাতৰ বাবে অহা ৫০০ কুইন্টল চাউল…

ডিজিটেল সংবাদ বোকাখাতঃ যি সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্তৰ কাৰণে মুক্ত হস্তে দান- বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে তাৰ ২৪ ঘণ্টা নৌহওঁতেই বোকাখাতত সংঘটিত এক বৃহৎ চাউল কেলেংকাৰিৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, ২০১৯ বৰ্ষত বোকাখাত বিধানসভা সমষ্টিৰ বানপীড়িতক বিতৰণৰ বাবে অনা হৈ উক্ত বুজন পৰিমাণৰ চাউল।

কিন্তু বিগত তিনিবছৰে জনসাধাৰণক অন্ধকাৰত ৰাখি বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত জমা ৰখা উক্ত ৫০০ কুইন্টল চাউল ইতিমধ্যেই মানুহতো বাদেই জীৱ-জন্তুৱেও খোৱাৰ অনুপযোগী হৈ পৰিছে। অৱশ্যে উক্ত বৃহৎ পৰিমাণৰ চাউল বানাক্ৰান্তক প্ৰদান নকৰি কি ৰহস্যজনক কাৰণত সাচি ৰখা হ'ল সেই সন্দৰ্ভত মুখ খোলা নাই সংশ্লিষ্ট বিভাগে।

ইফালে ২০২১ বৰ্ষত বোকাখাতৰ মহকুমাধিপতি হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰা নেহা যাদৱে উক্ত কেলেংকাৰী পূৰ্বৰ মহকুমাহিপতিৰ দিনতহে সংঘটিত হৈছিল বুলি দায় সাৰিবলৈ চেষ্টা কৰাহে পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, বানপানীৰ সময়ত এমুঠি চাউল অথবা এসাঁজ ভাতৰ কাৰণে বানাক্ৰান্তই হাহাকাৰ কৰি থাকিব লগাৰ পৰিপ্ৰেক্ষিতত বোকাখাত মহকুমা প্রশাসনে কি কাৰণত তিনি বছৰে বানাক্ৰান্তৰ কাৰণে অহা শ শ কুইণ্টল চাউল এনেদৰে গুদামত সাচি ৰাখিছিল সেয়া ৰহস্যৰ আবৰ্তত।

অৱশ্যে জনচক্ষুত ধূলি দি এই বৃহৎ পৰিমাণৰ চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ পৰিকল্পনা আছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে বোকাখাতৰ সচেতন মহলে । ইফালে এই সমগ্র ঘটনা পোহৰলৈ অহাৰ লগে লগেই বোকাখাতত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।

বোকাখাত সমষ্টিত তিনি বছৰে শ শ কুইণ্টল চাউল গুদামত ৰাখি পচিবলৈ দিয়া ৰহস্যৰ আঁৰৰ সকলোকে অপৰাধী হিচাপে গণ্য কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টিৰ জলসম্পদ বিভাগত বানাক্ৰান্তৰ বাবে অহা চাউল কেনেকৈ গেলিবলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে।

লগতে এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাই জীপালৰ উপদেষ্টা তথা কৃষক নেতা সোণেশ্বৰ নৰহে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতেই সংঘটিত হোৱা এই কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভিডিঅ' কনফাৰেঞ্চিংৰ যোগেদি কৃষিমন্ত্ৰী গৰাকীক জবাবদিহি কৰাৰ সাহস দেখুৱাবলৈ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in