সংৰক্ষিত বনাঞ্চলত মাটিৰ দালালৰ দপ-দপনিঃ আৰক্ষীৰ জালত পৰিল মুঠ ৫ জন…

সংৰক্ষিত বনাঞ্চলত মাটিৰ দালালৰ দপ-দপনিঃ আৰক্ষীৰ জালত পৰিল মুঠ ৫ জন…

লামডিং সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছতে এই বনাঞ্চলখনত গা কৰি উঠা মাটিৰ দালালৰ কথা পোহৰলৈ আহিছিল। উচ্ছেদৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মুকলিকৈ নজৰুল নামৰ এটা মাটি দালালৰ কথা কৈছিল। একেদৰে উচ্ছেদিত লোকসকলেও মাটিৰ দালাল নজৰুলৰ বিষয়ে সংবাদ মাধ্যমকৰ আগত প্ৰকাশ কৰিছিল।

মৰিগাওঁ, নগাওঁ, হোজাই, কামৰূপ আদি জিলাৰ নৈ পৰীয়া, বান বিধস্ত লোকক ধনৰ বিনিয়মত লামডিং সংৰক্ষিত বনাঞ্চলত সংস্থাপিত কৰিছিল নজৰুলৰ সৈতে এটা দালাল চক্ৰই। কেৱল নৈ পৰীয়া বান বিধ্বস্ত লোককেই নহয় আদা খেতিৰ নামতো বনাঞ্চলখনৰ মাটি দখল কৰি অবৈধ ভাৱে বেচা-কিনা কৰিছি দালাল চক্ৰটোৱে।

সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ চলোৱাৰ পিছতে হোজাই আৰক্ষীয়ে দালাল নজৰুল আৰু আনোৱাৰ নামৰ দুটা দালালক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে এই দালাল চক্ৰৰ বিৰুদ্ধে আৰম্ভ কৰিছিল তদন্ত। ইয়াৰ মাজতে দুটা মাটিৰ দালাল জে এফ এম চিৰপ্ৰাক্তন সভাপতি আফজল হুছেইন আৰু আবু হুছেইনে উদালী আৰক্ষী আউট পষ্টত আহি আত্মসম্পৰ্ণ কৰিছিল।

শেহকতীয়াকৈ বৃহস্পতিবাৰে লামডিং আৰক্ষীয়ে সংৰক্ষিত বনাঞ্চলখনত মাটিৰ দালালি কৰা আন এটা দালালক আটক কৰিবলৈ সক্ষম হৈছে। লামডিং আৰক্ষীয়ে আটক কৰা মাটিৰ দালালটো হৈছে আফাজোদ্দিনক। আটকাধীন আফাজোদ্দিনৰ ঘৰ ন-খুঁটিৰ জানজুৰত। আৰক্ষীয়ে দালালটোক নিজৰ ঘৰৰ পৰাই আটক কৰিছে।

উল্লেখ্য যে, বৰ্তমানলৈকে আৰক্ষীয়ে লামডিং সংৰক্ষিত বনাঞ্চলখনত মাটিৰ দালাল কৰা ৫ জনক আটক কৰিবলৈ সক্ষম হৈছে। আত্মসম্পৰ্ণ কৰা দুই দালাল ক্ৰমে আফজল হুছেইন আৰু আবু হুছেইনৰ লগতে বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰা আফাজোদ্দিনক আৰক্ষীয়ে হোজাইৰ শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in