কোভিড যোদ্ধাৰ প্ৰশ্নঃ ২হাজাৰ টকাত জানো ঘৰ চলে?

কোভিড যোদ্ধাৰ প্ৰশ্নঃ ২হাজাৰ টকাত জানো ঘৰ চলে?

ডিজিটেল সংবাদ, মঙলদৈঃ দেওবাৰে মঙলদৈ অসামৰিক চিকিৎসালয় সভা কক্ষত চিকিৎসালয় পৰিচলনা সমিতি চতুৰ্থ শ্ৰেণী কৰ্মচাৰী কল্যান সমিটিৰ অসমৰ ,দৰং জিলা সমন্বয়ৰক্ষী সমিতি ৰ উৰ্দোগত এখন সভা অনুস্থিত হয়।

সভাত অসমৰ প্ৰতি খন জিলাৰ পৰা অসামৰিক চিকিৎসালয়ৰ অনিয়মিয়া চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ নেতৃত্বই অংশগ্ৰহণ কৰে। দুখৰ কথা এই যেএই সকল কৰ্মচাৰী য়ে কভিড যোদ্ধা হৈয়ো চিকিৎসালয় কতৃপক্ষৰ পৰা মাত্ৰ ১৫০০-২ooo টকাহে লাভ কৰে এই ১৫০০-২০০০ টকাৰে কি দৰে পৰিয়াল ভৰন পোষণ দিছে তাৰ কথা কোনেও চিন্তা কৰা নাই।

এই সকল কৰ্মচাৰী বাবে স্বাস্থ্য বিভাগ নিমাত। অনাগত দিনত যদি চৰকাৰে এই সকল কৰ্মচাৰীৰ চাকৰি নিয়মিয়া নকৰিলে এই সকল কৰ্মচাৰীয়ে ঐক্য বদ্ধ হিচাবে বৃহৎ গণ আন্দোলনৰ গঢ়ি তোলা হব বুলি সাংবাদিকৰ আগত কয়। লগতে আগন্তুক অসম বিধান সভাৰ শীতকালীন অধিবেশনৰ সময়ত দিছপুৰত ধৰ্না দিব এই সকল কৰ্মচাৰীয়ে।

আনকি এই সকল কৰ্মচাৰীয়ে একো সুফল নাপালে ২০২১ত ভোট বৰ্জন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিলে অসমৰ চিকিৎসা সেৱাত নিয়োজিত অনিয়মিয়া চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলে । উল্লেখযোগ্য যে চতুৰ্থ শ্ৰেণীৰ এনেকুৱা অনিয়মিয়া কৰ্মচাৰী গোটেই অসমৰ ভিতৰত তিনিশতকৈয়ো অধিক আছে। এই ক্ষেত্ৰত চৰকাৰ বা বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষনীয় হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in