সাৱধান! হেলমেট অবিহনে গাড়ী চলাই ৪৩ হাজাৰতকৈও অধিক লোকে হেৰুৱাইছে প্ৰাণ…

সাৱধান! হেলমেট অবিহনে গাড়ী চলাই ৪৩ হাজাৰতকৈও অধিক লোকে হেৰুৱাইছে প্ৰাণ…

ডিজিটেল ডেস্কঃ ট্ৰেফিক আইনক বুঢ়া আঙুলিয়াই দেখুৱাই এতিয়াও দেশৰ বহু লোকে হেলমেট নিপিন্ধাকৈ চলাই আছে দুচকীয়া বাহন। পূৰ্বৰ তুলনাত তিনিগুণ অধিক জৰিমণা বিহিও শিক্ষা দিব পৰা হোৱা নাই তেনে লোকক। হেলমেট পৰিধান নকৰাকৈয়ে তীব্ৰ গতিত দুচকীয়া বাহন চলাই দৈনিক মৃত্যুক আঁকোৱালি ল'বলগা হৈছে বহু চালকে।

সম্প্ৰতি দেশৰ বিভিন্ন ৰাজ্যৰ চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি ২০১৮ চনত হেলমেট পৰিধান নকৰালৈ দুচকীয়া বাহন চলাই দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছে প্ৰায় ৪৩,৬০০ জন লোকে। ২০১৭ চনত এই মৃত্যুৰ সংখ্যা আছিল ৩৫,৯৭৫ জন। অৰ্থাৎ ২০১৮ চনত এই মৃত্যুৰ হাৰ ২১ শতাংশ বৃদ্ধি পাইছে।

জানিব পৰা মতে, ২০১৮ বৰ্ষত হেলমেট পৰিধান নকৰা বাবে দুৰ্ঘটনাত পতিত হৈ সৰ্বাধিক জনে প্ৰাণ হেৰুৱাইছে উত্তৰ প্ৰদেশত। ৰাজ্যখনত মুঠ ৬০২০ জন লোকে প্ৰাণ হেৰুৱাইছে হেলমেট নিপিন্ধাকৈ গাড়ী চলাই দুৰ্ঘটনাত পতিত হৈ। ইয়াৰ পিছতে সৰ্বাধিক মৃত্যু ঘটিছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত ২০১৮ চনত মৃত্যু ঘটিছিল ৫২৩২ জন দুচকীয়া বাহন চালকৰ।

আনহাতে গুজৰাটত হেলমেট নিপিন্ধাকৈ বাহন চলাই দুৰ্ঘটনাত পতিত হোৱা ৯৫৮ জনৰ মৃত্যু ঘটিছে। তদুপৰি বাহনৰ পিছৰ চিটত বহা ৫৬০ জনে প্ৰাণ হেৰুৱাইছে এনে দুৰ্ঘটনাত। ঝাৰখণ্ডত ৭৯০ জনে হেলমেট পৰিধান নকৰাকৈ বাহন চলাই আৰু ৪৫০ জন পিছৰ চিটত বহা লোকে প্ৰাণ হেৰুৱাইছে দুৰ্ঘটনাত।

ইফালে, দুচকীয়া বাহনৰ সমান্তৰালভাৱে চিটবেল্ট নিপিন্ধাকৈ চাৰিচকীয়া বাহন চলাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰি আহিছে বহু লোকে। ২০১৮ চনত দেশত মুঠ ২৪,৪০০ জন লোকে চিটবেল্ট নিপিন্ধা বাবে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগা হৈছিল। অৱশ্যে ২০১৭ চনত এই মৃত্যুৰ সংখ্যা আছিল ২৮,৯০০ জন। অৰ্থাৎ পিছৰ বছৰত এনে মৃত্যুৰ সংখ্যা কিছু কম হ'লেও দৈনিক এনেদৰে প্ৰাণ হেৰুৱাবলগা হৈছে বহু লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in