ব্যৱসায়লৈ ৰূপান্তৰিত শিক্ষা! ৪২ খন ভূৱা মহাবিদ্যালয়ৰ তালিকা প্ৰকাশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

ব্যৱসায়লৈ ৰূপান্তৰিত শিক্ষা! ৪২ খন ভূৱা মহাবিদ্যালয়ৰ তালিকা প্ৰকাশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

ডিজিটেল ডেস্কঃ শিক্ষাক ব্যৱসায়লৈ ৰূপান্তৰিত কৰি দেশৰ চুকে কোণে গঢ়ি উঠিছে অসংখ্য ভুৱা শিক্ষাৰ প্ৰতিষ্ঠান। অসমতো এনে ভুৱা শিক্ষাৰ প্ৰতিষ্ঠানে ব্যৱসায়ৰ জাল বিস্তাৰ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এক তথ্যানুসৰি ৰাজ্যৰ চুকে কোণে গঢ় লৈ উঠা এনে ভুৱা শিক্ষা প্ৰতিষ্ঠানসমূহে পালন নকৰে শিক্ষা সংসদৰ নীতি নিয়ম অথবা তেনে শিক্ষানুষ্ঠানসমূহৰ ওচৰত নাই শিক্ষা প্ৰতিষ্ঠান চলোৱাৰ অনুজ্ঞাপত্ৰ।

ভাল শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰেছাত্ৰ-ছাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন সৰকাই অহা এনে কেইবাখনো ভুৱা শিক্ষানুষ্ঠানচিনাক্ত কৰি এখন তালিকা প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে। কলেজ ডেভলপমেন্টকাউন্সিলে ২০১৬ চনত প্ৰস্তুত কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত চলি থকা এনেভুৱা মহাবিদ্যালয়ৰ তালিকা। কিন্তু আজিলৈকে এনে মহাবিদ্যালয়বোৰৰ বিৰুদ্ধে বিহিতব্যৱস্থা লোৱাত শিক্ষা বিভাগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষ ৰহস্যজনকভাৱে ব্যৰ্থ হৈছে।

কলেজ ডেভলপমেন্ট কাউন্সিলে প্ৰকাশকৰা ভুৱা মহাবিদ্যালয়সমূহৰ তালিকাত অন্তৰ্ভূক্ত হৈছিল মুঠ ৪২ খন মহাবিদ্যালয়ৰ নাম।ধেমাজি আৰু লখিমপুৰৰ জিলাত গঢ় লৈ উঠা ভুৱা মহাবিদ্যালয়সমূহৰ তালিকাত আছে ধেমাজিজিলাৰ গোগামুখৰ এএছডি ডিগ্ৰী কলেজ, ভেবেলী ডিগ্ৰী কলেজ, এম কে ডিগ্ৰী কলেজ, নাহৰবাৰীডিগ্ৰী কলেজ, অদূত খুৰাছুক ডিগ্ৰী কলেজৰ নাম।

ধেমাজি জিলাৰ চিমেনমুখৰ মাজৰবাৰীডিগ্ৰী কলেজ, গোগামুখৰ বগীপুং ডিগ্ৰী কলেজ, মিংমুং ডিগ্ৰী কলেজ, মধ্য মিংমুংবেটবাৰী ডিগ্ৰী কলেজ, মধ্য মিংমুং কাদমগুৰি ডিগ্ৰী কলেজ, মদ্য মিংমুং ডিগ্ৰী কলেজ,টিংৰী কলেজ, বৰদৈবাম লেজুৱা ডিগ্ৰী কলেজ, জোনাইৰ গলি ডিগ্ৰী কলেজ, চিচি টোঙানিডিগ্ৰী কলেজ চোমখোঙৰ চন্দ্ৰ দিবাকৰ কলেজকো ভুৱা কলেজৰূপে চিনাক্ত কৰিছে কলেজডেভলপমেন্ট কাউন্সিলে।

ইয়াৰোপৰিও লখিমপুৰ জিলাৰ কেইবাখনোমহাবিদ্যালয়ক ভুৱা মহাবিদ্যালয়ৰূপে চিহ্নিত কৰি কলেজ ডেভলপমেন্ট কাউন্সিলে সেইমহাবিদ্যালয়সমূহৰ নাম প্ৰকাশ কৰিছিল। তাৰ ভিতৰত শিঙিমাৰী কমাৰ্চ কলেজ, মধ্যসোৱণশিৰি কলেজ, সদৌ অৱনৰী কমাৰ্চ ডিগ্ৰী কলেজ, অবানৰী গাৰ্লছ ডিগ্ৰী কলেজ, ইন্দিৰামিৰি গাৰ্লছ ডিগ্ৰী কলেজ, সোৱণশিৰি ভীমপৰা ডিগ্ৰী কলেজ, বৰদৈবাম লেজুৱা ডিগ্ৰীকলেজক ভুৱা মহাবিদ্যালয় ৰূপে চিহ্নিত কৰা হৈছিল।

লগতে ঢকুৱাখনাৰ কেকেডি ডিগ্ৰী কলেজ, চাৰিকৰীয়া ডিগ্ৰী কলেজ, বৰ্কামুখ ডিগ্ৰী কলেজ, পূব ঢকুৱাখনা কলেজ, পূব তেলাহী কলেজ, অবানৰী পাদাৰাম পেগু ট্ৰাইবেল ডিগ্ৰী কলেজ, শিঙিমাৰী কলেজ, এছ ডি পি ডিগ্ৰী কলেজ, লিখক চাপৰি কলেজ, কোপাক চাপৰি কলেজ, অবানৰী ডিগ্ৰী কলেজ, অবানৰী কাৰপুমপুলি ডিগ্ৰী কলেজ, ভীমপাৰা ডিগ্ৰী কলেজ কাকতি ব্লক ডিগ্ৰী কলেজ, আবুটানী ডিগ্ৰী কলেজো হৈছে ২০১৬ চনতে চিনাক্ত হোৱা ভুৱা মহাবিদ্যালয়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰএই মহাবিদ্যালয়সমূহ ভুৱা বুলি ২০১৬ চনতে চিনাক্ত কৰা হৈছিল যদিও ইয়াৰ বিৰুদ্ধেকোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল শিক্ষা বিভাগক। শেলুৱৈৰ দৰে গজি উঠা এনে ভুৱাশিক্ষা প্ৰতিষ্ঠানসমূহে ৰাজ্যৰ শৈক্ষিক বাতাবৰণ বিনষ্ট কৰি অহাৰ পিছতো কাণসাৰ দিয়ানাই শিক্ষা বিভাগ কিম্বা সংশ্লিষ্ট কৰ্তৃপক্ষই।

কেৱল ব্যৱসায়ীক স্বাৰ্থত গঢ় লৈ উঠা ভুৱা শিক্ষানুষ্ঠানসমূহ নিয়ন্ত্ৰণৰ বাবে শিক্ষা বিভাগৰ ওচৰত সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে সচেতন মহলে। শিক্ষাক বানিজ্য ৰূপ দি শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা এই ভুৱা মহাবিদ্যালয়সমূহ সোনকালে নিয়ন্ত্ৰণলৈ অনাটো অতি আৱশ্যক হৈ পৰিছে।

তথাকথিত এনে শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ পৰিচালনাৰ আঁৰত থাকে বৰ বৰ নেতা অথবা তেওঁলোকৰ ঘনিষ্ঠ। যাৰ ফলত এনে ভুৱা শিক্ষা প্ৰতিষ্ঠানৰ চিনাক্ত হ'লেও তাৰ বিৰুদ্ধে ব্যৱ্স্থা গ্ৰহণ কৰা নহয়। ৰাজ্যত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছতে শিক্ষা ক্ষেত্ৰত আমূল পৰিবৰ্তন সম্ভৱ হ'ব বুলি ঘোষণা কৰিছিল চৰকাৰে।

শিক্ষা বিভাগৰ অনুজ্ঞাপত্ৰ অবিহনে চলাই থকা শিক্ষানুষ্ঠানসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিলেও কাৰ্যতঃ সেয়া হৈ নুঠিল। তাৰ প্ৰমাণ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত চলি থকা এইসমূহ ভুৱা মহাবিদ্যালয়।

এতিয়া প্ৰতিটো কেঁকুৰিতে গঢ় লৈ উঠে একোখন বিদ্যালয় অথবা মহাবিদ্যালয়। কোনো নীতি নিয়ম নমনাকৈ একাংশ নেতাৰ ছত্ৰছায়াত থাকি কেৱল ব্যৱসায়িক স্বাৰ্থত গঢ়ি তোলে এনে শিক্ষা প্ৰতিষ্ঠানসমূহ। কেৱল লখিমপুৰ বা ধেমাজি জিলাতেই নহয়, ৰাজ্যৰ চৌদিশে এনে ভুৱা শিক্ষা প্ৰতিষ্ঠানসমূহে চলাই আছে ব্যৱসায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in