কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ…

কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ…

ডিজিটেল ডেস্কঃ কোৰোনা বিৰোধী যুঁজখনত সন্মুখৰ পৰা যুজ দিছে দেশৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে। কোৰোনাৰ বিৰুদ্ধে যুঁজ দি বৰ্তমানলৈ দেশৰ শতাধিক চিকিৎসকে হেৰুৱাইছে প্ৰাণ। ইণ্ডিয়ান মেডিকেল এছচিয়েচনে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ৩৯৩গৰাকী চিকিৎসকে এতিয়ালৈকে কোৰোনাৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ হেৰুৱাইছে।

কোৰোনা বিৰোধী যুঁজখনত দেশৰ ভিতৰতে সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে তামিলনাডুত। ৰাজ্যখনত ৬৪গৰাকী চিকিৎসকৰ মৃত্যু হৈছে এতিয়ালৈকে। অন্ধ্ৰপ্ৰদেশত মৃত্যু হোৱা চিকিৎসকৰ সংখ্যা হৈছে ৪৩গৰাকী, কৰ্ণাটকত মৃত্যু হৈছে ৪২গৰাকী, গুজৰাটত মৃত্যু হৈছে ৩৯গৰাকী, মহাৰাষ্ট্ৰত মৃত্যু হৈছে ৩৭গৰাকী।

পশ্চিম বংগত মৃত্যু হৈছে ২৯গৰাকী আৰু উত্তৰ প্ৰদেশত ২৩গৰাকী চিকিৎসকে হেৰুৱাইছে প্ৰাণ। এই তথ্যত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজধানী চহৰ দিল্লীতো ১৩গৰাকী চিকিৎসকৰ মৃত্যু হৈছে। উল্লেখ্য যে, বৰ্তমানলৈ দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিছে ৫২লাখৰ ঘৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in