কোভিডৰ ফলত দেশত সৃষ্টি হৈছে ৩৩,০০০ টন নিষ্কাষণযোগ্য আৱৰ্জনা…

কোভিডৰ ফলত দেশত সৃষ্টি হৈছে ৩৩,০০০ টন নিষ্কাষণযোগ্য আৱৰ্জনা…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি, ভাৰতত বিগত ৭ মাহত প্ৰায় ৩৩,০০০ টন কোভিড-১৯ ত ব্যৱহৃত বায়'চিকিৎসীয় আৱৰ্জনা সৃষ্টি হৈছে।বিগত বৰ্ষৰ অক্টোবৰ মাহত সমগ্ৰ দেশত ৫,৫০০ টনৰো অধিক কোভিড-১৯ত ব্যৱহৃত আৱৰ্জনা সৃষ্টি হৈছিল আৰু সেয়া আছিল মাহৰ ভিতৰত সৰ্বোচ্চ কোভিড ব্যৱহৃত সামগ্ৰী সৃষ্ট আৱৰ্জনা।

দেশৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি, ২০২০ চনৰ জুনৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ৩২,৯৯৪ টন কোভিড-১৯ সম্পৰ্কীয় বায়'চিকিৎসীয় আৱৰ্জনা সৃষ্টি কৰিছে যাক ১৯৮টা সচৰাচৰ চিবিডব্লিউটিএফৰ দ্বাৰা সংগ্ৰহ আৰু নিষ্কাশন কৰা হৈছে।

কোভিড-১৯ৰ জৈৱ চিকিৎসাত উৎপাদিত আৱৰ্জনাৰ ভিতৰত আছে পিপিই কিট, মুখা, জোতা আৱৰণ, হাতমোজা, তেজৰ দ্বাৰা দূষিত সামগ্ৰী, ড্ৰেছিং, প্লাষ্টাৰ কাষ্ট, তেজ বা শাৰীৰিক তৰলৰে দূষিত বিচনা, তেজৰ মোনা, বেজী, চিৰিঞ্জ আদি।

উল্লেখ্য যে প্ৰদূষণ নিয়ন্ত্ৰণ সংস্থাটোৱে মে মাহত কৰোনা ভাইৰাছ সম্পৰ্কীয় বায়'চিকিৎসীয় আৱৰ্জনা নিৰীক্ষণ কৰিবলৈ আৰু ইলেক্ট্ৰনিক প্ৰমাণ প্ৰণালীৰ যোগেৰে তথ্য কম্প'ল কৰাৰ বাবে 'কোভিড১৯বিডব্লিউএম' নামৰ ম'বাইল এপ্লিকেচন উদ্ভাৱন কৰিছিল। এই এপ্লিকেচনে সৃষ্টি, সংগ্ৰহ আৰু নিষ্কাশনৰ সময়ত কোভিডৰ বাবে ব্যৱহৃত বস্তুৰ তথ্য সংগ্ৰহ কৰিছিল।

প্ৰতিবেদনখনত কোৱা হৈছে যে, উচ্চতম ন্যায়ালয়ে সকলো চহৰৰ স্থানীয় সংস্থা আৰু ৰাজ্য প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ বাবে ম'বাইলত এই এপ্লিকেচন ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in