শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ দুই বিশ্ববিদ্যালয়ৰ ৩ শিক্ষাৰ্থী…

ডিজিটেল ডেস্কঃ প্ৰথম বাৰৰ বাবে অসমৰ ৩ গৰাকী কাৰাটে খেলুৱৈয়ে খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছে। বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২১ চনতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিডৰ বাবে পিছুৱাই দিয়া হৈছিল। ইতিমধ্যে এই প্ৰতিযোগিতাৰ এটা ছিজন অনুষ্ঠিত হৈ গৈছে যদিও অসমৰ কোনো কাৰাটে খেলুৱৈয়ে সেইবাৰ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা নাছিল।

অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আছাম ষ্টেট কাৰাটে এচ’ছিয়েশ্যনৰ এই তিনিওগৰাকী কাৰাটে খেলুৱৈৰ ভিতৰত ২ গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু আনগৰাকী ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলুৱৈ ২ গৰাকী ক্ৰমে জোনমণি দাস ( কুমিটে-৬৮ কেজি) আৰু চান্দনি জৈন (কাটা)। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলুৱৈগৰাকী ইমন গগৈ (কুমিটে-৬৮ কেজি)

খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত তিনিওগৰাকী কাৰাটে খেলুৱৈলৈ আছাম ষ্টেট কাৰাটে এচ’ছিয়েশ্যনৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিযোগিতাখনত পদক লাভৰে আন এক ইতিহাস সৃষ্টি কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।