ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত আজি শপত ল’ব মুখ্যমন্ত্ৰীয়ে

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত আজি শপত ল’ব মুখ্যমন্ত্ৰীয়ে

ডিজিটেল ডেস্কঃ সোমবাৰে শপতগ্ৰহণ কৰিব দেশৰ ৩খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব কমল নাথে। ইফালে, ৰাজস্থান আৰু ছত্তীশগড়তো মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ক্ৰমে- অশোক গেহলট আৰু ভূপেশ বাঘালে। আজি অনুষ্ঠিত হ'বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ কেবাজনো বিৰোধী পক্ষৰ বিয়াগোম ৰাজনৈতিক নেতা।

এই তিনিখন ৰাজ্যতে কংগ্ৰেছে চৰকাৰে গঠন কৰিছে। ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলট আৰু উপ-মুখ্যমন্ত্ৰীৰূপে শচীন পাইলটে শপতগ্ৰহণ কৰিব।  উল্লেখ্য যে, এই তিনিখন ৰাজ্যতে পূৰ্বতে বিজেপি চৰকাৰ আছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ  শপতগ্ৰহণ অনুষ্ঠান পুৱা ১০ বজাত অনুষ্ঠিত হ'ব। আনহাতে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে ভূপালৰ জামুৰী মৈদামত দুপৰীয়া ১.৩০ বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘালে ৰায়পুৰৰ ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত শপতগ্ৰহণ কৰিব।

তিনিওটা অনুষ্ঠানতেই উপস্থিত থাকিব কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বি এছ পি মুৰব্বী মায়াবতী, সমাজবাদী দলৰ নেতা অখিলেশ যাদৱ এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। লক্ষণীয় যে, ১১ ডিচেম্বৰত ঘোষিত ফলাফলত মধ্যপ্ৰদেশত কংগ্ৰেছ ১১৪, ৰাজস্থানত ৯৯খন আৰু ছত্তীশগড়ৰ ৬৮খন আসন দখলেৰে চৰকাৰ গঠন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in