ওড়িশ্যাত যাত্ৰীবাহী ৰে’ল লাইনচ্যুত হৈ ৩ ৰে’লকৰ্মী নিহত, আহত কেইবাজনো যাত্ৰী

ওড়িশ্যাত যাত্ৰীবাহী ৰে’ল লাইনচ্যুত হৈ ৩ ৰে’লকৰ্মী নিহত, আহত কেইবাজনো যাত্ৰী

ডিজিটেল ডেস্কঃ হাওৰা-জগদালপুৰ সমলেশ্বৰী যাত্ৰীবাহী ৰে'ল লাইনচ্যুত হৈ অতিকমেও ৩জন ৰে'লকৰ্মীয়ে প্ৰাণ হেৰুৱাৰ লগতে আহত হৈছে ৪জন যাত্ৰী। মঙলবাৰে সংঘটিত হোৱা ঘটনাটোত ১৮০০৫ নম্বৰৰ যাত্ৰীবাহী ৰে'লখনৰ প্ৰথমে ট্ৰেক নিৰ্মাণ কৰি থকা এটা ইঞ্জিনৰ সৈতে সংঘৰ্ষ হয় আৰু তাৰ পিছতে হঠাৎ দুয়োটা ইঞ্জিন জ্বলাৰ লগতে লাইনচ্যুত হয় কেইবাটাও ডবা।

ওড়িশ্যাৰ ৰায়গাদা জিলাত সংঘটিত ঘটনাটোত হাওৰা-জগদালপুৰ সমলেশ্বৰী যাত্ৰীবাহী ৰে'লখনৰ বহু পৰিমাণে ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। ৰায়গাদা ষ্টেচনৰ পৰা ৰে'লখনে যাত্ৰা আৰম্ভ কৰাৰ কেইমুহুৰ্তমানৰ পিছতে সংঘটিত এই ঘটনাত নিহত ৰে'লকৰ্মীকেইজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

নিহত ৰে'ল কৰ্মী কেইজন হৈছে- টেকনিচিয়ান সুৰেশ, ইলেক্ট্ৰিকেল চেকশ্যন ইঞ্জিনিয়াৰ সাগৰ আৰু ইলেক্ট্ৰিচিয়ান গৌৰি নাইডু। আটাইকেইজন কৰ্মীকে তৎক্ষণাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় বুলি এক সূত্ৰই সদৰি কৰিছে। ইফালে সমগ্ৰ ঘটনা কাৰ ভুলৰ বাবে সংঘটিত হৈছে সেই সম্পৰ্কে তদন্ত চলাবৰ বাবে ৰে'ল বিভাগে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in