মণিপুৰৰ ম’ৰেত দ্বিতীয় বিশ্বযুদ্ধৰ অবিস্ফোৰিত ১২২টা বোমা উদ্ধাৰ…

মণিপুৰৰ ম’ৰেত দ্বিতীয় বিশ্বযুদ্ধৰ  অবিস্ফোৰিত ১২২টা বোমা উদ্ধাৰ…

ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ ম্যানমাৰ সীমান্তত চহৰ ম'ৰে চহৰৰ ৯ নং ৱাৰ্ডৰ এগৰাকী গাঁওবাসীয়ে আই পি চি বাইপাছৰ সমীপত মঙলবাৰে খনন কৰাৰ সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা বৃহৎ সংখ্যক অবিস্ফোৰিত বোমা উদ্ধাৰ কৰে । ম'ৰেৰ ৯ নং ৱাৰ্ডত টাংখতিলাল গংগটে নামৰ লোককজনে মঙলবাৰে পুৱা ঘৰ নিৰ্মাণ কৰিবলৈ মাটি খনন কৰাৰ সময়ত ১২২ টাকৈ বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, উদ্ধাৰ কৰা বোমাসমূহ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত টেংকত ব্যৱহাৰ কৰা বিস্ফোৰক। এই বোমাসমূহ উদ্ধাৰ কৰা পিছত ব্যক্তিজনে মৰে আৰক্ষী বিষয়া টুংনুগ আৰু ৩৪ নং আছাম ৰাইফলছৰ কমাণ্ডাৰ আয়ানছ ভাৰতক খবৰ দিয়াত তেওঁলোকে ঘটনাস্থলিত উপস্থিত হৈ বোমাসমূহক নিৰাপদে নিজৰ জিম্মাত লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in