শেহতীয়া খবৰ
চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…

৫ মাহৰ পাছত কাশ্মীৰত মুকলি 2G ইন্টাৰনেট সেৱা, কিন্তু ব্যৱহাৰ কৰিব পাৰিব কেৱল…

1,304

ডিজিটেল ডেস্কঃ প্ৰায় ৫ মাহৰ অন্তত শুকুৰবাৰে নিশাৰ পৰা কাশ্মীৰত পোষ্টপেড আৰু প্ৰিপেড ফোনত 2G ম’বাইল ইন্টাৰনেট সেৱা পুনৰ মুকলি কৰি দিয়া হৈছে। এই সন্দৰ্ভত জাৰি কৰা হৈছে এক নিৰ্দেশ। অৱশ্যে জম্মু-কাশ্মীৰ প্ৰশাসনৰ দ্বাৰা মঞ্জুৰ কৰা ৩০১টা ৱেবছাইটহে ব্যৱহাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীসকলে।

উল্লেখ্য যে, যিবোৰ ৱেবছাইটৰ মঞ্জুৰি প্ৰদান কৰা হৈছে সেয়া ইঞ্জিন আৰু বেংকিং, শিক্ষা, বাতৰি, যাত্ৰা, নিযুক্তি আদিৰ সৈতে জড়িত। জম্মুৰ ১০খন জিলা আৰু কাশ্মীৰৰ দুখন জিলা ক্ৰমে কুপৱাড়া আৰু বান্দীপোৰাত পূৰ্বৰে পৰা 2G ইন্টাৰনেট সেৱা মুকলি কৰা হৈছিল।

যোৱা ৫ আগষ্ট, ২০১৯ত জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা এই সেৱাসমূহ বন্ধ কৰি ৰখা হৈছিল। কাশ্মীৰত ইন্টাৰনেট সেৱা মুকলি কৰাৰ পাছত কিছু হ’লেও সকাহ পাব স্থানীয় ৰাইজে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি