পুলৱামাৰ শ্বহীদৰ পৰিয়াললৈ ফেচবুকৰ জৰিয়তে ৬ কোটি টকা সংগ্ৰহ কৰিলে যুৱকে…

পুলৱামাৰ শ্বহীদৰ পৰিয়াললৈ ফেচবুকৰ জৰিয়তে ৬ কোটি টকা সংগ্ৰহ কৰিলে যুৱকে…

ডিজিটেল ডেস্কঃ যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত সংঘটিত বৰ্বৰ আক্ৰমণে দেশৰ ৪৪ জনকৈ জোৱানৰ প্ৰাণ কাঢ়ি নিছিল, সেই বেদনা এতিয়াও দেশবাসীৰ মনৰ পৰা আতৰা নাই। সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ বিৰুদ্ধেও সৰৱ হৈছে ভাৰত। কেৱল ভাৰতেই নহয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্বৰ প্ৰায়বোৰ দেশে। বীৰ শ্বহীদৰ পৰিয়ালৰ কাষত এতিয়া থিয় দিছে সকলো। সকলোৱে পৰিয়াললৈ আগবঢ়াইছে সহায়ৰ হাত। পুলৱামা শ্বহীদ এই পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এজন ২৬ বছৰীয়া যুৱক। যুৱক জনৰ নাম বিবেক পেটেল। কৰ্মসূত্ৰে বিবেক থাকে আমেৰিকাত। পুলৱামা আক্ৰমণত শ্বহীদৰ পৰিয়াললৈ বিবেকে আগবঢ়ালে প্ৰায় ৬ কোটি টকা।

বিবেকে আগবঢ়োৱা এই ৬ কোটি টকা বিবেকৰ জেপৰ পইচা নহয়। পুলৱামা আক্ৰমণৰ ঠিক এদিনৰ পাছতে শ্বহীদ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ মানসেৰে বিবেকে খুলিছিল এটা ফেচবুক পেজ। পেজটোৰ নাম ' Indian army – Pulwama Attack'। এই পেজটোৰ জৰিয়তে চি আৰ পি এফ জোৱানৰ পৰিয়ালক ৫ লাখ ডলাৰ অৰ্থাৎ ৩.৫ কোটি টকা দিয়া লক্ষ্য আছিল যদিও ৬ টা দিনৰ ভিতৰত লোকসকলৰ অভূতপূৰ্ব সহাঁৰিয়ে বিবেকে মুঠ ৬ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

বিভিন্ন দেশৰ পৰা বৰঙণি দিবৰ বাবে বিবেকলৈ ফোন আহিল। লোকেল ৰেডিঅ' ষ্টেচনৰ যোগেদিও এই সন্দৰ্ভত প্ৰচাৰ কৰা হ'ল। ধন প্ৰদান কৰা লোক সকলৰ মনত যাতে এক সন্দেহ নাহে তাৰবাবে বিবেকে পেজত প্ৰতিদিনে ভিডিঅ'ৰ যোগেদি সংগ্ৰহ কৰা ধনৰ বিষয়ে সকলোকে জনায়। সংবাদ মাধ্যমৰ সন্মুখত বিবেকে জনায় যে, ইতিমধ্যে সংগ্ৰহ কৰা এই ধন খিনি ভাৰত চৰকাৰৰ কোনো প্ৰতিনিধিৰ জৰিয়তে শ্বহীদৰ পৰিয়াললৈ প্ৰেৰণ কৰা হ'ব।

উল্লেখ্য যে, পুলৱামাৰ শ্বহীদৰ পৰিয়ালক সাহায্য প্ৰদান কৰাৰ নামত ছচিয়েল মিডিয়াৰ জৰিয়তে বহু লোকে ভুৱা একাউন্টৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে বুলিও অভিযোগ উত্থাপন হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in