পাকিস্তানত ২২০০ বছৰ পুৰণি য়ুনানী সভ্যতাৰ কাৰখানাৰ অৱশিষ্ট লাভ…

পাকিস্তানত ২২০০ বছৰ পুৰণি য়ুনানী সভ্যতাৰ কাৰখানাৰ অৱশিষ্ট লাভ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ পেশ্বাৱৰ বিশ্ববিদ্যালয়ৰ পুৰাতত্ববিদে জনায় যে- ইণ্ডো-গ্ৰীক কালৰ ধাতুৰ কাৰখানাৰ অৱশিষ্টৰ লাভ কৰা হৈছে। এই কাৰখানাটো ২০০০ বছৰৰো অধিক পুৰণি য়ুনানী সভ্যতাৰ লোকসকলৰ আছিল। অধ্যক্ষ গুল ৰহীমে বৃহস্পতিবাৰে জনোৱা মতে, এই কাৰখানাটোৰ অৱশিষ্ট পেশ্বাৱৰৰ সমীপৰ হয়াতাবাদত লাভ কৰা হৈছে।

লগতে তেওঁ কয় যে- যোৱা ৩ বছৰৰ পৰা এই স্থানত খনন কাৰ্য চলি আছিল পেশ্বাৱৰ বিশ্ববিদ্যালয়ৰ পুৰাতত্ববিদসকলৰ। ইণ্ডো-গ্ৰীক কালৰ বহু মুদ্ৰাও লাভ কৰে হৈছে এই খননৰ সময়ত, যিবোৰ প্ৰায় ২২০০ বছৰ পুৰণি। গুল ৰহীমে আৰু কয়- ইণ্ডো-গ্ৰীক আফগানিস্তানৰ পৰা আহি বৰ্তমানৰ পেশ্বাৱৰত বাস কৰিছিল। তেওঁলোকে এই স্থানত প্ৰায় ১৫০ বছৰ ৰাজত্ব কৰিছিল।

'আমি লাভ কৰা অৱশিষ্টসমূহৰ পৰা বুজিব পাৰি যে- ইয়াত ধাতুৰ কাৰখানা আছিল। কাৰণ লোৰ বাচন-বৰ্তন, চুৰী, আদি পোৱা গৈছে, যিবোৰৰ ব্যৱহাৰ মুখ্য ৰূপত কাৰখানাত কৰা হয়।'- এনেদৰে খনন কাৰ্যত লাভ কৰা অৱশিষ্টৰ সন্দৰ্ভত জনায় গুল ৰহীমে। ইফালে, এই প্ৰান্তত ইণ্ডো-গ্ৰীক কাৰখানাৰ অৱশিষ্ট প্ৰথমবাৰৰ বাবে লাভ হৈছে বুলিও জনায় অধ্যক্ষগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in