২১ বছৰতে ন্যায়াধীশৰ বাচনিত উত্তীৰ্ণহৈ ৰাজস্থানৰ শিক্ষাৰ্থীৰ অভিলেখ…

২১ বছৰতে ন্যায়াধীশৰ বাচনিত উত্তীৰ্ণহৈ ৰাজস্থানৰ শিক্ষাৰ্থীৰ অভিলেখ…

ডিজিটেল ডেস্কঃ জয়পুৰৰ মায়ংক প্ৰতাপ সিং নামৰ এজন ২১ বছৰীয়া যুৱকে গঢ়িলে অভিলেখ। দেখৰ ভিতৰত আটাইতকৈ কম বয়সীয়া ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিলে এই শিক্ষাৰ্থীজনে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত তেওঁ কয়- 'এজন ভাল ন্যায়াধীশ হ'বলৈ সততা অতিকৈ প্ৰয়োজন।'

ন্যায়াধীশ হ'বলৈ মায়ংক প্ৰতাপ সিঙে কেনেদৰে পৰিশ্ৰম সেইসন্দৰ্ভতো সংবাদমাধ্যমৰ আগত কয় যে, 'মই এজন ভাল ন্যায়াধীশ হ'বলৈ ৰাজস্থান ন্যায়িকসেৱা- ২০১৮ পৰীক্ষাত পাছ কৰিব লাগিব। আৰু এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে মই ১২ৰপৰা ১৩ ঘণ্টা পৰ্যন্ত পঢ়িছিলো।'

উল্লখ্য যে, মায়ংক প্ৰতাপ সিঙে ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰাএল এল বিৰ শিক্ষা গ্ৰহণ কৰিছিল। আৰু জয়পুৰৰ মানছাৰোভাৰ এই যুৱকজনে চলিত বৰ্ষৰএপ্ৰিলত মাহত এল এল বিৰ শিক্ষা সম্পূৰ্ণ কৰে। লক্ষণীয় যে, মাত্ৰ ২১ বছৰীয়া এইযুৱকজনে ৰাজস্থান ন্যায়িক সেৱা-২০১৮ৰ এই পৰীক্ষাত প্ৰথমবাৰ অৱতীৰ্ণ হৈছিল আৰু এইপৰীক্ষাত প্রথম বাৰতেই তেওঁ উত্তীৰ্ণও হয়।

লগতে তেওঁ কয়- 'হয় মই বহুত পৰিশ্ৰম কৰিছিলো। আৰু পৰীক্ষাদিয়াৰ পাছত ভাল ফলাফল লাভ কৰিম বুলি আশা কৰিছিলো। মোৰ মতে, এজন ভাল ন্যায়াধীশহ'বলৈ বাহিৰৰ কোনো শক্তিৰ আগত হাৰ মানিব নালাগিব বা টকাৰ লোভত প্ৰলোভিত হ'বনালাগিব।' প্ৰণিধানযোগ্য যে, ৰাজস্থান উচ্চন্যায়ালয়ে ২০১৯ত আৰ জে এছ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ন্যূনতম বয়সৰ সময়সীমা ২১ বছৰকৰে। আৰু এই বয়স পূৰ্বে আছে ২৩ বছৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in