নিৰ্ভয়া কাণ্ডঃ ২২ জানুৱাৰীত দিব নোৱাৰিব ফাঁচী! দোষীয়ে দাখিল কৰিছে ক্ষমা আৱেদন…

নিৰ্ভয়া কাণ্ডঃ ২২ জানুৱাৰীত দিব নোৱাৰিব ফাঁচী! দোষীয়ে দাখিল কৰিছে ক্ষমা আৱেদন…

ডিজিটেল ডেস্কঃ বুধবাৰে দিল্লী চৰকাৰে উচ্চ ন্যায়ালয়ক কয় যে, ২০১২ত দিল্লীৰ দলবদ্ধ বলাৎকাৰকাণ্ডৰ চাৰিজন দোষীক অহা ২২ জানুৱাৰী, ২০২০ তাৰিখে ফাঁচী দিব নোৱাৰে। কিয়নো দোষী কেইজনৰ এজনে ক্ষমা আৱেদন প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ।

দিল্লী চৰকাৰ আৰু কেন্দ্ৰৰ দ্বাৰা ন্যায়াধীশ মনমোহন আৰু সংগীতা ধিংৰা ছেগলক কয় যে, মুকেশ নামৰ দোষীজনে জাৰি কৰা আৱেদনৰ দ্বাৰা ফাঁচীৰ ৰায়ক প্ৰত্যাহ্বান জনাইছে। লগতে চৰকাৰে ন্যায়ালয়ক অৱগত কৰে যে, নিয়মানুসৰি মুকেশৰ ফাঁচীৰ পূৰ্বে তেওঁ দাখিল কৰা এই আৱেদনৰ সন্দৰ্ভত নিৰ্ণয় লোৱা পৰ্যন্ত ফাঁচী স্থগিত ৰাখিব লাগিব।

উল্লেখ্য যে, মুকেশৰ হৈ এই ক্ষমা আৱেদন অধিবক্তা ব্ৰীন্দা গ্ৰৱৰে দাখিল কৰিছে। দোষীজনৰ ফাঁচীৰ ৰায়ক স্থগিত ৰখাৰ বাবেও দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in