বকোত মহিলাৰ দাৰ ঘাপত শাহুৰ সৈতে ২ মহিলাৰ মৃত্যুঃ হাস্পতালত মৃত্যুৰে যুঁজিছে আন এগৰাকীয়ে…

বকোত মহিলাৰ দাৰ ঘাপত শাহুৰ সৈতে ২ মহিলাৰ মৃত্যুঃ হাস্পতালত মৃত্যুৰে যুঁজিছে আন এগৰাকীয়ে…

ডিজিটেল সংবাদ বকো: এক হত্যা কাণ্ডই বকোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙ্গলবাৰে ৰাতিপুৱাই বকো নিজবগাই গাঁৱৰ উত্তৰা বড়ো (৩৬) নামৰ মহিলাগৰাকীয়ে দাৰে আক্ৰমণ কৰে নিজ শাহুৱেকসহ তিনিগৰাকী মহিলা। ফলত থিতাতে মৃত্যু হয় উত্তৰা বড়োৰ শাহুৱেক সুশীলা বড়ো (৭৫)ৰ।

আনহাতে চিকিৎসালয়ত মৃত্যু হয় বনকৰা মহিলা প্ৰতিভা ৰাভা (৫০)ৰ । ইয়াৰোপৰি সংকটজনক অৱস্থাত প্ৰতিভা ৰাভাৰ কন্যা শিৱানী ৰাভা (২৫) চিকিৎসাধীন হৈ আছে। বকো আৰক্ষীয়ে হত্যাকাৰী উত্তৰা বড়োক গ্ৰেপ্তাৰ কৰিছ। অৱশ্যে উত্তৰা বড়োৱে কিয় এই ঘটনা সংঘটিত কৰিলে সেই তথ্য এতিয়াও লাভ কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in