এডভেন্সাৰ পাৰ্কত ভয়ংকৰ ঘটনা! জয়ৰাইড ভাঙি মৃত্যু দুজনৰ, আহত ২৬…

এডভেন্সাৰ পাৰ্কত ভয়ংকৰ ঘটনা! জয়ৰাইড ভাঙি মৃত্যু দুজনৰ, আহত ২৬…

ডিজিটেল ডেস্কঃ আহমেদাবাদত সংঘটিত হয় ভয়ংকৰ ঘটনা। এখন এডভেন্সাৰ পাৰ্কত এখন জয়ৰাইড ভাঙি পৰাৰ ফলত মৃত্যু হয় দুজন লোকৰ। পাৰ্কখনত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্তৰ। ইফালে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

দৰাচলতে আহমেদাবাদৰ কংকৰিয়া এলেকাৰ এডভেন্সাৰ পাৰ্কখনত সন্ধিয়া ভাগত সংঘটিত হয় এই ঘটনা। পাৰ্কখনৰ জয়ৰাইড ভাঙি পৰাৰ লগত ওপৰত বহি থকা দুজন লোকৰ মৃত্যু হয় আৰু ২৬জনকৈ লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষী আৰু এফ এছ এল দলে যৌথভাৱে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত। ইফালে, আহত আটাইকেইজনে ভৰ্তি কৰা হৈছে হাস্পতালত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in