শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ…

ডিজিটেল সংবাদ মৰিগাঁওঃ মৰিগাঁৱত পুনৰ অঘটন । বানপানীয়ে পুনৰ প্ৰাণ ল’লে দুগৰাকী কিশোৰ-কিশোৰীৰ । মৰিগাঁৱত পৃথকে পৃথকে সংঘটিত হৈছে এই ঘটনা । মৰিগাঁৱৰ গেৰুৱাত ৭ বছৰীয়া ৰুণমণি কোঁৱৰ নামৰ কণমানি এগৰাকী সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিন্তু সেই স্থানত পানী ক্ৰমাৎ বৃদ্ধি পাই থকাত পিছলি পৰি মৃত্যুক সাৱতীব লগা হয় । আনহাতে মৰিগাঁও নাৰমাৰীত আহেড আলি নামৰ ১১ বছৰীয়া এটি কিশোৰ ঘৰৰ পিছফালে যাওঁতেই বাঢ়নী পানীত পৰি অকাল মৃত্যুক সাৱটি লয় । দুয়োৰে মৃত্যুত এতিয়া অঞ্চলদুটাত শোকৰ ছাঁ পৰিছে।