‘২.০’ ত অক্ষয় কুমাৰৰ ভয়ানক ৰূপ! ভাইৰেল VIDEO

‘২.০’ ত অক্ষয় কুমাৰৰ ভয়ানক ৰূপ! ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ ২০১০ চনৰ দেশৰ এখন চুপাৰহিট ছবি 'ৰবট'। দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনক আদৰি লৈছিল দৰ্শকে। তাৰপিছতে এই ছবিখনৰ দ্বিতীয় সংস্কৰণ '২.০' মুক্তি পাব চলিত বৰ্ষৰ ২৯ নৱেম্বৰত। মুক্তিৰ পূৰ্বেই ছবিখনক লৈ বিশ্বজুৰি চৰ্চা।

ছবিখনত ব্যৱহাৰ হোৱা তথ্য-প্ৰযুক্তিৰ পৰা আদি কৰি সকলোবোৰ কামেই ব্যতিক্ৰমী ধৰণে চিন্তা কৰা হৈছে। এই কথা প্ৰমাণ হৈছে কেইদিনমানৰ পূৰ্বে মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰত। প্ৰায় ৫০০ কোটি টকাৰো অধিক বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনত ৰজনীকান্তৰ বিপৰীতে অভিনয় কৰিছে অক্ষয় কুমাৰে।

খবৰ অনুসৰি ছবিখনত অক্ষয়ৰ মেপআপৰ বাবদ প্ৰতিদিনে খৰচ হয় প্ৰায় ৪ লাখ টকা। মানৱ ছিলনীৰ ৰূপত অভিনয় কৰা অক্ষয়ৰ মেকআপৰ এটি ভিডিঅ' খুবেই ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। মেকআপৰ এই ভিডিঅ'টো ইউ টিউবত ১৪ লাখ আৰু ইষ্টাগ্ৰামত ১৮ লাখ দৰ্শকে উপভোগ কৰিছে। চাওঁক এই ভিডিঅ'টো-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in