১ মিনিটিত ২৫ খবৰ

১ মিনিটিত ২৫ খবৰ

১. আজি মহাসপ্তমী। ধৰাৰ বুকুত দুৰ্গতিনাশিনীৰ আগমনৰ দ্বিতীয় দিনা ৰাজ্যজুৰি বৈছে উলাহৰ ঢল। গুৱাহাটী মহানগৰীৰো প্ৰতিটো দুৰ্গা মণ্ডপতে দেখা গৈছে ভক্তৰ অগণন ভিৰ।

২. মঙলবাৰে ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰক বিহাৰৰ জেডিইউৰ দলৰ উপাধ্যক্ষ হিচাপে নিযুক্ত। কিছুদিনৰ পূৰ্বে নীতিশৰ জেডিইউত যোগ দিছিল কিশোৰে।

৩. মঙলবাৰে জম্মু-কাশ্মীৰ নগৰ পালিকা নিৰ্বাচনৰ চতুৰ্থ তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন। সকলো স্থানতে শান্তিপূৰ্ণভাৱে সমাপন হয় ভোটগ্ৰহণ।

৪. গোলাঘাট ধনশিৰী নদীত এছডিআৰএফৰ অভিযানত উদ্ধাৰ এটা মৃতদেহ। মৃতদেহটো সাগৰ চাহানি নামৰ এজন ছাত্ৰৰ বুলি চিনাক্ত।

৫. বিদ্যালয়ত গো মাংসৰে ভোজৰ আয়োজন কৰি নিলম্বিত হ'ল দৰং জিলাৰ দক্ষিণ দুলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাজিৰুদ্দিন। শিক্ষকজনক মঙলবাৰে তাৎক্ষণিক ভাৱে নিলম্বন কৰিলে দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়াই।

৬. মঙলবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় গুৱাহাটী ৰে'ল ষ্টেচনত গ্ৰেপ্তাৰ হোৱা ৩১জন বাংলাদেশীক। বুধবাৰে এই ঘটনাক লৈ গুৱাহাটীত উপস্থিত হব বাংগালুৰুৰ এটি আৰক্ষীৰ দল।

৭. উত্তৰাখণ্ডৰ উত্তৰকাশীত মঙলবাৰে পুৱা ৪.০৬ বজাত অনুভূত হয় ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য ৩.২।

৮. জম্মু-কাশ্মীৰ পুলৱামাত মঙলবাৰে পুৱা চিআৰপিএফ জোৱানৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা। আহত ২ জোৱান।

৯. মঙলবাৰে পাকিস্তানৰ ১১খন সংসদ আসনৰ বাবে অনুষ্ঠিত হয় উপ-নিৰ্বাচন। ৫ খন আসনতে জয়ী 'পাকিস্তান মুছলিম লীগ-নৱাজ' দলৰ প্ৰাৰ্থী।

১০. যৌন নিৰ্যাতনৰ অভিযোগৰ পাছত মঙলবাৰে ৰাষ্ট্ৰীয় এনএছইউআইৰ অধ্যক্ষ ফিৰোজ কুমাৰৰ পদত্যাগ। ৰাহুল গান্ধীয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ।

১১. গোৱা কংগ্ৰেছৰ মোক্ষম আঘাত। মঙলবাৰে অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছত বিজেপিত যোগদান দিয়াৰ কথা ঘোষণা কৰিলে দুই কংগ্ৰেছী বিধায়কে।

১২. চত্তীশগড় বিধান সভা নিৰ্বাচন। প্ৰথম পৰ্যায়ত ৮ খন জিলাৰ ১৮ খন আসনৰ বাবে হ'ব নিৰ্বাচন। ১২ নৱেম্বৰত সম্পন্ন হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

১৩. চীনৰ পাছতে ভাৰতত মুকলি হ'ল লেন'ভ' এ-৫ স্মাৰ্টফোন। ৫,৯৯৯ টকাৰ পৰা আৰম্ভ মূল্য।

১৪. উত্তৰ প্ৰদেশৰ বাহপত জিলাৰ এখন চিকিৎসালয়ত কিশোৰীক বলাৎকাৰ। নিলম্বন কৰা হ'ল চিকিৎসালয়ৰ দুই কৰ্মচাৰীক।

১৫. উত্তৰ প্ৰদেশৰ চাহজহানপুৰত খহিল নিৰ্মীয়মান অট্টালিকা। দুজন শ্ৰমিকৰ মৃত্যু।

১৬. মিজোৰামৰ বিধানসভা নিৰ্বাচন। বুধবাৰে মিজোৰামত উপস্থিত হ'ব বিজেপি অধ্যক্ষ অমিত শ্বাহ। বুধবাৰে পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব শ্বাহে।

১৭. চলিত বৰ্ষৰ ২৩ নৱেম্বৰত অসমৰ ছবিগৃহত মুক্তি পাব কমেডী অসমীয়া ছবি 'ককাইদেউ বিন্দাছ'। ছবিখনৰ পৰিচালনা কৰিছে ধ্ৰুৱজ্যোতি বৰদলৈয়ে।

১৮. মঙলবাৰে ৭০ বছৰত ভৰি দিলে বলিউডৰ ড্ৰীম গাৰ্ল তথা বিজেপি নেত্ৰী হেমামালিনীয়ে। ১৯৬৩ চনত এখন তামিল ছবিত সহঃ অভিনেত্ৰী হিচাপে ছবিজগতত আত্মপ্ৰকাশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

১৯. ২৬ অক্টোবৰত সমগ্ৰ দেশৰ ছবিগৃহত মুক্তি পাব বলিউডৰ ছবি 'বাজাৰ'। চৈফ আলী খান অভিনীত ছবিখনত দীৰ্ঘ বিৰতিৰ মূৰত সংগীত পৰিচালনা কৰিছে হনী সিঙে।

২০. মঙলবাৰে অন্ধপ্ৰদেশৰ এখন সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ কংগ্ৰেছক কটাক্ষ- 'বৰ্তমান মৃত্যুৰ ক্ষণ গণিছে কংগ্ৰেছে'।

২১. শ্বীনা বৰা হত্যাকাণ্ডৰ মুল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে মুম্বাই চিবিআইৰ বিশেষ আদালতত দাখিল কৰিলে জামিন আবেদন। উন্নত চিকিৎসাৰ দোহাই দি দাখিল কৰিলে আবেদন।

২২. প্ৰসংগ 'মি টু'। মঙলবাৰে দেশৰ মহিলা সাংবাদিকৰ এটা দলে কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰৰ পদত্যাগৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিলে পত্ৰ।

২৩. চত্তীশগড়ৰ ৰাজনান্দগাৱত নক্সালবাদীৰ বোমা বিস্ফোৰণ। আই টি বি পিৰ ৩ জোৱান আহত।

২৪. ধুবুৰীৰ বালাজানত ১১ অক্টোবৰত বিদ্যালয়ৰ পৰা অপহৃত এজন ছাত্রৰ মৃতদেহ উদ্ধাৰ। প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰজনৰ নাম আনিছুৰ ৰহমান।

২৫. উত্তৰ প্ৰদেশৰ গাজিয়াবাদত অঘটন। চলন্ত যাত্ৰীবাহী ৰে'লৰ খুন্দাত গুৰুতৰ ভাৱে আহত তিনিজন যাত্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in