ডা: অভয় বাংক লৈ উপেন্দ্ৰ নাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটাঃ অসমত শিশু মৃত্যুৰ হাৰ সৰ্বাধিক

ডা: অভয় বাংক লৈ উপেন্দ্ৰ নাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটাঃ অসমত শিশু মৃত্যুৰ হাৰ সৰ্বাধিক

ডিজিটেল সংবাদ কোকৰাঝাৰ: উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্টে প্ৰতিবছৰে প্ৰদান কৰি কৰি অহা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা এইবেলি মহাৰাষ্ট্ৰৰ বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ডা: অভয় বাংকক প্ৰদান কৰা হয় । শনিবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত উপেন্দ্ৰ নাথ ব্রহ্ম ট্ৰাষ্টে আয়োজন কৰা এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ডা: অভয় বাংকক উক্ত বঁটা প্ৰদান কৰে । বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ডা: অভয় বাংকক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে । বঁটাৰ সতে এক লাখ টকাৰ চেক , বডোফা উপেন্দ্ৰ নাথ ব্রহ্মৰ প্ৰতিমূৰ্তি, প্ৰশস্তিপত্ৰও প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

উল্লেখ্য যে উপেন্দ্ৰ নাথ ব্রহ্ম ট্ৰাষ্টে বডোফা উপেন্দ্ৰ নাথ ব্রহ্মৰ স্মৃতিত দেশৰ বিশিষ্ট ব্যক্তিক ২০০৪ চনৰ পৰাই ক্ৰমাগতভাৱে "উপেন্দ্ৰ নাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা" প্ৰদান কৰি আহিছে আৰু ২০২১ বৰ্ষ অৰ্থাৎ ১৮তম উপেন্দ্ৰ নাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটাৰ বাবে এইবেলি নিৰ্বাচিত হৈছিল মহাৰাষ্ট্ৰৰ গদচিৰলিৰ নিবাসী ডা: অভয় বাংক । ডা: অভয় বাংক এগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু বিশিষ্ট সমাজ সেৱক হোৱাৰ লগতে Society for Education Action and Research in Community Health (SEARCH) নামৰ সংস্থাটোৰ অধ্যক্ষ ।

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ড: অভয় বাংক প্ৰদান কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো অতি আনন্দিত হোৱা বুলি সদৰি কৰি কয় যে দীৰ্ঘদিনৰ পৰাই ড: অভয় বাংক জনজাতি সকলৰ বাবে কাম কৰি আহিছে । ড: অভয় বাংকৰ জনজাতিসকলৰ স্বাস্থ্যজনিত সমস্যাৰ সমাধানৰ মডেল এতিয়া ভাৰতবৰ্ষত সকলোৱে মানি লৈছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিটিআৰ এলেকাৰ স্বাস্থ্যজনিত সমস্যা সমাধানৰ বাবে আজি নিশা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ সতে ডা: অভয় বাং বৈঠকত মিলিত হব বুলি মন্তব্য কৰিছে ।

ইপিনে ১৮তম উপেন্দ্ৰ নাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা গ্ৰহণ কৰি ড: অভয় বাংক অত্যন্ত সুখী হোৱা বুলি মন্তব্য কৰি ৰাইজৰ সেৱাই প্ৰকৃত সেৱা বুলি মন্তব্য কৰিছে । ভাৰতৰ ভিতৰত অসমত শিশু মৃত্যুৰ হাৰ সৰ্বাধিক হোৱাৰ লগতে অসমৰ ভিতৰত কোকৰাঝাৰ তথা বিটিআৰ এলেকাত শিশু মৃত্যুৰ হাৰ সৰ্বাধিক বুলি মন্তব্য কৰি অভয় বাংকে চহৰ আৰু গ্ৰামীনৰ বাবে একে স্বাস্থ্য মডেলিটি লোৱাৰ পৰিণতিতে এনে হোৱা বুলি উল্লেখ কৰি । কামৰূপ জিলাৰ বাবে গ্ৰহণ কৰা স্বাস্থ্য মডেলিটি কোকৰাঝাৰৰ জনজাতিসকলৰ বাবে কেনেদৰে খাপ হব বুলি প্ৰশ্ন উত্থাপন কৰি ভাৰতৰ আদিৱাসীসকলক বা জনজাতিসকলক স্বাস্থ্যক্ষেত্ৰত স্বাধীনতা দিব লাগে বুলি মন্তব্য কৰিছে অভয় বাংকে ।

এই গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্রহ্ম, এবছুৰ সভাপতি দ্বীপেন বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি তোৰেন বড়ো, বিধায়ক ক্ৰমে লোৰেন্স ইছলাৰী , জয়ন্ত বসুমতাৰী, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য নিলুত স্বৰ্গীয়াৰীকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in