১৬ বছৰীয়া ছফালীয়ে আন্তঃৰাষ্ট্ৰীয় টি২০ ক্ৰিকেটত কি অভিলেখ ৰছিলে…

১৬ বছৰীয়া ছফালীয়ে আন্তঃৰাষ্ট্ৰীয় টি২০ ক্ৰিকেটত কি অভিলেখ ৰছিলে…

ডিজিটেল ডেস্কঃ এটা সময় আছিল, যেতিয়া ক্ৰিকেট কেৱল পুৰুষৰ খেল হিচাপেহে চিহ্নিত হৈছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই বিচাৰধাৰাৰো সলনি হয় আৰু ক্ৰিজত নামি মহিলাসকলেও পুৰুষৰ সমানেই নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনত উঠিপৰি লাগে। ১৯৩৪ চনত বিশ্বৰ কেইবাখনো দেশে মহিলাৰ ক্ৰিকেট খেল আদৰি লয়। ১৯৩৪ চনৰ ২৮-৩১ ডিচেম্বৰলৈ নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন মহিলা আন্তৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট অনুষ্ঠিত হয় আৰু জয়লাভ কৰে ইংলেণ্ডে। কিন্তু ১৯৬০ চনলৈকে মহিলা ক্ৰিকেট দল আছিল মাত্ৰ ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ। তাৰ পৰৱৰ্তী সময়ত দক্ষিণ আফ্ৰিকা, ভাৰতকে ধৰি অন্য ৰাষ্ট্ৰসমূহেও মহিলা ক্ৰিকেট টীম গঠনত আগভাগ লয় আৰু আন্তৰাষ্ট্ৰীয় খেলত পুৰুষৰ সমানে মহিলাসকলেও নিজৰ পাৰদৰ্শিতা দেখুৱায়।

১৯৭৩ চনত প্ৰথমবাৰৰ বাবে বিশ্বৰমহিলা ক্ৰিকেট দলসমূহৰ মাজত অনুষ্ঠিত হয় মহিলা বিশ্বকাপ। কিন্তু ১৯৭৬ চনতহে প্ৰথমভাৰতত মহিলা ক্ৰিকেট দলৰ জন্ম হয় আৰু ১৯৭৮ চনত প্ৰথম বিশ্বকাপত অংশ লয় ভাৰতীয়মহিলা ক্ৰিকেট দলে। তাৰ পিছত বহু মহিলা খেলুৱৈয়ে ক্ৰিকেটত অভিলেখ ৰচি আহিছে।ভাৰতীয় ক্ৰিকেটাৰ মিতালী ৰাজৰ নামত আছে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ। সৰ্বাধিক শতকআৰু অৰ্ধশতক অৰ্জন কৰা ক্ৰিকেটাৰ গৰাকীও হৈছে মিতালী ৰাজ। তেওঁৰ নামত আছে মুঠ ৭শতক আৰু ৫৩টা অৰ্ধশতক কৰাৰ অভিলেখ। সেইদৰে ২০১৭ চনৰ ১৫ মে'ত আয়াৰলেণ্ডৰবিৰুদ্ধে অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ১৬০ বলত ১৮৮ ৰান সংগ্ৰহ কৰি মহিলাক্ৰিকেটৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ হিচাপে পৰিগণিত হয় দিপ্তী শৰ্মাই।

এইবাৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটতপুনৰ এক অভিলেখ ৰচিছে আন এগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰে। কেৰিয়াৰ আৰম্ভ কৰাৰ এটাবছৰ সম্পূৰ্ণ নৌহওঁতেই অভিলেখৰ গৰাকী হৈছে ছফালী বাৰ্মা। নিউজিলেণ্ডত অনুষ্ঠিতমহিলা টি২০ আন্তৰাষ্ট্ৰীয় বিশ্বকাপত সৰ্বাধিক ষ্ট্ৰাইক ৰেটেৰে অভিলেখ ৰচনা কৰেচফালী শৰ্মাই। এইগৰাকী ভাৰতীয় মহিলা অপেনাৰৰ বয়স হৈছে মাত্ৰ ১৬ বছৰ।

২০০৪ চনৰ ২৮ জানুৱাৰীত ৰোহতকতজন্ম গ্ৰহণ কৰা ছফালী বাৰ্মাৰ আন্তৰাষ্ট্ৰীয় টি২০ত অভিষেক ঘটিছিল ২৪ ছেপ্তেম্বৰ, ২০১৯ত দক্ষিণআফ্ৰিকাৰ বিৰুদ্ধে। বৰ্তমানলৈকে তেওঁ ১০ খন আন্তৰাষ্ট্ৰীয় টি২০ খেলাৰ উপৰিও ৮ খনফাৰ্ষ্ট ক্লাছ, ৭ খন এ শ্ৰেণীৰ আৰু ৩খন টি২০ খেল খেলিছে।  

নিউজিলেণ্ডত অনুষ্ঠিত মহিলা টি২০বিশ্বকাপ আন্তঃৰাষ্ট্ৰীয়তো ভাৰতীয় দলটোৰ এগৰাকী অন্যতম খেলুৱৈ হৈছে ছফালী বাৰ্মা। কেৰিয়াৰতএতিয়ালৈকে ৪৩৮ ৰান সংগ্ৰহ কৰিছে ছফালীয়ে। এই ক্ৰিকেটাৰগৰাকীয়ে টি২০ আন্তৰাষ্ট্ৰীয়তৰান সংগ্ৰহৰ ষ্ট্ৰাইক ৰেটত চেৰ পেলাইছে অষ্ট্ৰেলিয়াৰ এলিছা হেলী আৰু দক্ষিণআফ্ৰিকাৰ ক্লোয়ে ট্ৰায়নক। সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ তালিকাত ১৪৭.৯৭ ষ্ট্ৰাইক ৰেটেৰেছফালী বাৰ্মা শীৰ্ষত থকাৰ বিপৰীতে ১৩৮.৩১ ষ্ট্ৰাইক ৰেটেৰে ৭২২ ৰান সংগ্ৰহ কৰিক্লোয়ে ট্ৰায়ন দ্বিতীয় আৰু ১২৯.৬৬ ষ্ট্ৰাইক ৰেটেৰে ১৮৭৫ ৰান সংগ্ৰহ কৰি তালিকাৰতৃতীয় স্থানত আছে এলিছা হেলী।

শেহতীয়াকৈ বৃহস্পতিবাৰে মেলব'ৰ্ণতনিউজিলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত মহিলা টি২০ বিশ্বকাপৰ খেলখনত ছফালী বাৰ্মাই ৩৪বলত ৪৬ সংগ্ৰহ কৰে। তেওঁৰ এই ব্যক্তিগত স্ক'ৰত আছিল ৩টা ছিক্স আৰু ৪টা ফ'ৰ। খেলখনতজয়লাভ কৰে ভাৰতে।

বৃহস্পতিবাৰৰ খেলখনত টছত জিকিপ্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল নিউজিলেণ্ডৰ দলটোৱে। যাৰ ফলত নিৰ্ধাৰিত ২০অভাৰত ভাৰতে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৩৩ ৰান। ভাৰতীয় দলটোৱে বান্ধি দিয়ালক্ষ্যৰ পিছা কৰি নিউজিলেণ্ড বাহিনীয়ে নিৰ্ধাৰিত অভাৰত মাত্ৰ ১২৯ ৰানহে সংগ্ৰহকৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in